অসমশীৰ্ষ

দলং নিৰ্মাণক লৈ মৰাণত আছু আৰু আটাছুৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, মৰাণ: মৰাণৰ চেপনত আজি আছু আৰু আটাছুৰ চেপন আঞ্চলিকে পালন কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উল্লেখ্য যে মৰাণৰ চেপনস্থিত দিৰৈ নদীৰ ওপৰত নিৰ্মাণ কৰা এখন পকীদলং আজি ১৪ বছৰেও সৰ্ম্পূণ নোহোৱাক কেন্দ্ৰ কৰি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে আছু আৰু আটাছুৰ চেপন আঞ্চলিকে গোটে। অৰ্দ্ধ নিৰ্মিত দলংখনৰ কাষত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অতি শীঘ্ৰে দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দাবীত আজি তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰে আছু আৰু আটাছুৰ চেপন আঞ্চলিকে।

Related Articles

Leave a Reply

Close