অসমশীৰ্ষ

দৰঙৰ দেওমৰনৈ পাতিদৰংত বিদ্যুৎপৃষ্ঠ হৈ এজনৰ মৃত্যু

প্ৰথম খবৰ, দেওমৰনৈ: বিদ্যুৎ বিভাগৰ গাফিলতিত প্ৰাণ গল ছিপাঝাৰৰ পাতিদৰং গাৱৰ চমক ডেকা নামৰ এগৰাকী ব্যক্তিৰ৷ নিৰ্ধাৰিত বিদ্যুৎ মাছুল পৰিশোধ নকৰাৰ বাবে বিভাগে অঞ্চলটোৰ গ্ৰাহকৰ সংযোগ বিচ্ছিন্ন কৰি বিদ্যুৎ পৰিবাহী তাৰ মাটিত পেলাই থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ঠিক মতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন নকৰাৰ ফলতে মাটিত পৰি থকা তাৰ এডালত লাগি বিদ্যুৎপৃষ্ট হৈ ছিপাঝাৰৰ এই ব্যক্তিগৰাকীয়ে সাৱটিবলগীয়া হয় মৃত্যুক৷ এই ঘটনাক কেন্দ্ৰ কৰি উক্ত সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এই ঘটনাৰ পিছত ৰাইজে বিভাগটোৰ ওপৰত তীব্ৰ ক্ষোভ উজৰাৰ লগতে বিভাগীয় গাফিলতিৰ বাবেই ব্যক্তি গৰাকীয়ে অকালতে প্ৰাণ হেৰাৱাব লগীয়া হ’ল বুলি অভিযোগ উত্থাপন কৰে৷

Related Articles

Leave a Reply

Close