অসমশীৰ্ষ

দৰিকা নৈৰ বানপানীত মৃত ব্যক্তিৰ আত্মীয়ক তাৎক্ষণিক আৰ্থিক অনুদান

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: যোৱা ৩ আগষ্ট তাৰিখে দৰিকা নৈৰ বানত সলিল সমাধি ঘটা নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰি লোনপুৰীয়া গাঁৱৰ লীলাম্বৰ দত্ত আৰু বিপিন দত্তৰ পৰিয়ালক দেওবাৰে অসম চৰকাৰৰ দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা ৪ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ বিশেষ তৎপৰতাত নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰাজীৱ থাপাই ঘোষণা কৰা ২৪ ঘন্টাৰ ভিতৰতে সকলো যাবতীয় কাম-কাজ সম্পূৰ্ণ কৰি দেওবাৰে দুয়োজন মৃতব্যক্তিৰ পৰিয়ালৰ ওচৰলৈ গৈ অনুদানৰ নথি প্ৰদান কৰে অসম চৰকাৰৰ বিষয়ববীয়াই। অনুদান বিতৰণৰ সময়ত উপস্থিত থাকে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপা, জনসম্পৰ্কৰক্ষী বিষয়া জয়ন্ত মাউত আৰু বিজেপি যুৱমৰ্চাৰ উপসভাপতি ময়ূৰ বৰগোহাঞি। ঘোষণাৰ ২৪ ঘন্টাৰ ভিতৰতে মহকুমা প্ৰশাসনে মৃতকৰ আত্মীয়ৰ হাতত অনুদানৰ যাৱতীয় নথি পত্ৰ তুলি দিয়া এই কাৰ্যক প্ৰশংসা কৰিছে উক্ত অঞ্চলৰ গাঁওবাসীয়ে৷

Related Articles

Leave a Reply

Close