অসমশীৰ্ষ

ধলপুৰত শালীধানৰ খেতিত চৰহা পোকৰ উপদ্ৰৱ 

ধলপুৰৰ পৰা মাধূৰ্য দাস, প্ৰথম খবৰ: কৃষি বিভাগৰ নাৰায়ণপুৰ মহকুমাৰ অন্তৰ্গত ধলপুৰ কৃষি চক্ৰ এলেকাৰ কচুৱা মাজগাঁৱৰ শালীধানৰ পথাৰত এতিয়া চৰহা পোকৰ উপদ্ৰৱে দেখা দিছে। চৰহা পোকৰ উপদ্ৰৱত সজাল ধৰা শালী ধানৰ খেতি এতিয়া শুকাই বগা পৰি গৈছে৷ শেষ বাৰিষা কালত আগতীয়াকৈ ৰোৱা ধানখেতিত চৰহা পোকৰ এনে উপদ্ৰৱত কৃষকৰাইজে এতিয়া উপায়হীন হৈ মূৰে-কপালে হাত দিবলগীয়াত পৰিছে৷ ক’লা বৰণৰ সৰু সৰু জাক-জাক পোকৰ আক্ৰমণত বিশেষকৈ ধানৰ পাতৰ অংশ জ্বলি গৈছে ৷ এগোছা ধানত থকা প্ৰায় ৫০-৬০ টাকৈ পোকে এখনি পথাৰৰ পৰা আন এখনি পথাৰলৈ চলাইছে সন্ত্ৰাস। এই পোক বোৰৰ পৰা পৰিত্ৰাণ পাবলৈ এতিযা ভুক্তভোগী কৃষকে পৰম্পৰাগত পদ্ধতিৰে গছৰ ডাল-জেং পুতি পোকবোৰ খোৱাৰ বাবে চৰাই পৰাৰ সুবিধা আৰু চাকি জ্বলোৱা আদি কৰিছে যদিও ইয়াৰ দ্বাৰা কোনো উপকৃত হোৱা নাই কৃষকৰাইজ৷ উল্লেখ্য যে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলা কৃষকৰ এই বিপদৰ সময়ত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে উক্ত অঞ্চলৰ কৃষক ৰাইজে।

Related Articles

Leave a Reply

Close