অসমশীৰ্ষ

নলবাৰীৰ এটা পৰিয়ালৰ কৰুণ কাহিনী, চাৰি জন সদস্যৰ তিনিজনেই দুৰাৰোগ্য ৰোগত অাক্ৰান্ত

নলবাৰীৰ পৰা জিন্টুমণি ভূঞাঁৰ প্ৰতিবেদন প্ৰথম খবৰ: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমৰা বামুনতোলা চুপাৰ পৰিয়াল এটাৰ কৰুণ কাহিনী। চাৰিজনীয়া সদস্যৰ এই পৰিয়ালটিৰ তিনিজন সদস্যই বৰ্তমান দুৰাৰোগ্য ৰোগত আক্ৰান্ত৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বিৰেন চক্ৰৱৰ্তী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ লগতে পত্নী অাৰু পুত্ৰও আক্ৰান্ত হৈ পৰিছে জটিল ৰোগত। বিৰেন চক্ৰৱৰ্তীৰ পত্নী কমলা চক্ৰৱৰ্তী ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ পুত্ৰ ব্ৰজেন চক্ৰৱৰ্তীও গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া আছে গুৱাহাটীৰ এখন হাস্পাতালত৷ ইফালে স্নাতক পঢ়ি থকা কন্যা নৱনীতা চক্ৰৱৰ্তীয়ে ঘৰৰ এই অৱস্থা দেখি দুখ-কষ্টত ভাগি পৰাৰ লগতে চিন্তাত বিভোৰ হৈ পৰিছে। এসাজ কিবাকৈ যোগাৰ কৰি আনসাজ লঘোন দিছে নৱনীতাই। ঔষধ ক্ৰয় কৰিবলৈ হাতত জমা ধন নথকাত ওচৰ চুবুৰীয়াই কিছু পৰিমাণে সহায় কৰিছে যদিও পিতৃ-মাতৃ আৰু ভাতৃৰ অৱস্থা দেখি হাৰ মানিব লগীয়া হৈছে ২০ বছৰীয়া নৱনীতাই৷ নৱনীতাই বৰ্ণনা কৰা মতে ইতিমধ্যে চৰকাৰী পক্ষৰ লগতে আন আন লোকেও তেওঁলোকৰ পৰিয়ালটোক খাদ্যৰ যোগান ধৰিছে যদিও সেয়া যথেষ্ট নহয়। কেৱল ঔষধৰ বাবে মাহত প্ৰায় ২০-৩০ হাজাৰ টকাৰ প্ৰয়োজন হোৱা কথা উল্লেখ কৰি নিয়মিতভাবে সকলো ঔষধ ক্ৰয় কৰিব নোৱাৰাৰ কথা উল্লেখ কৰিছে নৱনীতাই। পৰিয়ালটোক লৈ এতিয়া কন্যাগৰাকীৰ এটাই অনুৰোধ অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু ৰাইজে তেওঁলোকৰ পৰিয়ালটোক সহায়-সহযোগীতা আগবঢ়াওক৷ সহায়ৰ হাত লাভ কৰিবলৈ ৰাইজলৈ আগবঢ়োৱা একাউণ্ট নম্বৰটো হ’ল- কমলা চক্ৰৱৰ্তী, A/C No-3450852531, IFSC Code-CBIN0282459, Central Bank Of India, Ghagrapar Branch.

Related Articles

Leave a Reply

Close