অসমশীৰ্ষ

নলবাৰী অসামৰিক চিকিৎসালয়ত আৰক্ষী-ৰোগীৰ খণ্ডযুদ্ধ, দুজন আহত 

প্ৰথম খবৰ, নলবাৰী: শুক্ৰবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এটা সাধাৰণ কথাক লৈ ৰোগী আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিত মীনা বেগম আৰু ৰুনু বৰ্মন নামৰ দুগৰাকী মহিলা আহত হোৱাৰ ঘটনাই হাস্পাতালখনত চাঞ্চল্যৰ সৃষ্টি কৰে। মীনা বেগম নামৰ ৰোগীগৰাকীৰ ওপৰত হোৱা ঘটনাকলৈ একাংশৰ অভিযোগ ৰুনু বৰ্মন নামৰ মহিলা কনিষ্টবল গৰাকীয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰোগীক তীব্ৰ প্ৰহাৰ কৰে। জানিব পৰা মতে এই চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা ৰোগীসকলক নিয়ন্ত্ৰণৰ বাবে নিয়োজিত চিকিৎসালয়খনৰ মহিলা কনিষ্টবল ৰুনু বৰ্মনে শুক্ৰবাৰে ৰোগীসকলক শাৰী পাতি থাকিবলৈ নিৰ্দেশ দিছিল। তেনে সময়তে ৰোগী আৰু মহিলা আৰক্ষী গৰাকীৰ মাজত তৰ্কাতৰ্কি আৰু হতাহতিৰ সৃষ্ঠি হোৱাত মহিলা আৰক্ষী গৰাকীৰ প্ৰহাৰত মীনা বেগম নামৰ ৰোগীগৰাকী গুৰুতৰভাৱে আহত হয়। এই ঘটনাৰ পিছত চিকিৎসালয়খনত আহত ৰোগীৰ আত্মীয়সহ বহুলোক উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আনহাতে উত্তেজিত লোকসকলে চিকিৎসালয়ত থকা আৰক্ষীৰ কোঠাৰ ভিতৰত প্ৰৱেশ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে মহিলা আৰক্ষী ৰুনু বৰ্মনক। পিছত গুৰুতৰভাৱে আহত হয় লেডি আৰক্ষী কনিষ্টবলগৰাকী। এই ঘটনাৰ পিছত চিকিৎসালয়খনত অৰ্ধসামৰিক বাহিনীৰ জোৱান উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মহিলা আৰক্ষীগৰাকীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত মীনা বেগমক পিছত উন্নত চিকিৎসাৰ বাবে নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয়।

Related Articles

Leave a Reply

Close