
নেচনেল ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে পুৱা পশ্চিমবঙ্গৰ পশ্চিম মিদনাপুৰস্থিত নাৰায়ণগড়ৰ টী এম চি পাৰ্টীৰ কাৰ্যালয়ত এক বোমা বিস্ফোৰণ সংঘটিত হয়৷ এই বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় চাৰিজনকৈ লোক৷ উল্লেখ্য যে টীএমচি পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এখন মিটিঙত অংশগ্ৰহণৰ বাবে ইয়াৰ সদস্যসকল এই কাৰ্যালয়লৈ আহি কাৰ্যালয়ৰ দুৱাৰ খুলিবলৈ লওঁতেই এই বিস্ফোৰণ সংঘটিত হয়৷ এই বিস্ফোৰণত টী এম চিৰ সদস্য সুদীপ্ত ঘোষৰ থিতাতে মৃত্যু হোৱাৰ লগতে মিদনাপুৰ মেডিকেল কলেজ আৰু হাস্পাতালত আন এজন লোকৰ মৃত্যু হয়৷ গুৰুতৰ ভাৱে আহত আটাইকেজন বৰ্তমান মিদনাপুৰ মেডিকেল কলেজ আৰু হাস্পাতালত চিকিৎসাধীন হৈ আছে৷