অসমখেলশীৰ্ষ

পূৰ্বৰ অভিলেখ ভংগ কৰি দ্বিতীয় স্থানেৰে এছিয়ান গেম্‌ছৰ ফাইনেলত হিমা

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: দেশৰ লক্ষ লক্ষ জনতাৰ শুভকামনা মনত লৈ এছিয়ান গেম্‌ছৰ দৌৰত নমা অসমৰ স্বৰ্ণ কন্যা হিমা দাসে শেহতীয়াভাৱে দেশলৈ কঢ়িয়াইছে শুভবাৰ্তা৷ ইণ্ডোনেচিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেম্‌ছৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগীতাৰ বাবে পোনপটীয়াকৈ চেমিফাইনেলত প্ৰৱেশ লাভ কৰিবলৈ সক্ষম হোৱা হিমাই শনিবাৰে ৫১ ছেকেণ্ডত চাৰিশ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থানেৰে ফাইনেলত প্ৰৱেশ কৰাৰ পিছতে দেশলৈ দুগুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনে হিমাই৷ উল্লেখ্য যে পূৰ্বৰ ৫১.১৩ ছেকেণ্ডত ৪০০মিটাৰ দৌৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ অভিলেখো শনিবাৰে ভংগ কৰিবলৈ সক্ষম হয় এইগৰাকী অসম সন্তানে৷ দেওবাৰে বিয়লি ৩ বজাত স্বৰ্ণজয়ৰ লক্ষ্যৰে যুঁজত নামিব অসম সন্তান হিমাই৷ দেশবাসীৰ দৃঢ়বিশ্বাস হিমাই দেশলৈ কঢ়িয়াই আনিব স্বৰ্ণপদক৷

Related Articles

Leave a Reply

Close