অসমশীৰ্ষ

বৰপেটাৰ নগাঁওত দিবা-নৈশ বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি

বৰপেটাৰপৰা ছফিক আহমেদ, প্ৰথম খবৰ: সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত নগাঁও শিক্ষা মন্দিৰ হাইস্কুল খেলপথাৰত পূব বৰপেটা ভিত্তিত অনুষ্ঠিত প্ৰথম বাৰ্ষিক দিৱা নৈশ বেডমিণ্টন প্ৰতিযোগিতাখনিৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। বিভিন্ন প্ৰান্তৰ ১২ টা দলে অংশ গ্ৰহণ কৰা খেলখনৰ চূড়ান্ত খেলখনত ৰাজা ৰচিদ আৰু মমিৰ আলীয়ে মিন্টু পাঠক আৰু অলকেশ বায়নৰ দলক পৰাস্ত কৰি জয় লাভ কৰে। এই প্ৰতিযোগীতাত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰা দলক ক্ৰমে ট্ৰফীসহ ৩,০০১ টকা আৰু ২,০০১ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।
সাংবাদিক পুলেন্দ্ৰ দাস আৰু আজিজুল হকে উদ্বোধন কৰা এই খেলখনত উপস্থিত থাকে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক চলেমান হুছেইন আৰু নগাঁও আঞ্চলিক সমিতিৰ সভাপতি – সম্পাদকদ্বয়ৰ লগতে চেঙা, ভেল্লা আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকল।

Related Articles

Leave a Reply

Close