অসমশীৰ্ষ

মক্কাত দুৰ্ঘটনা, গুৰুতৰভাৱে আহত কাশ্মীৰ আৰু অসমৰ দুই হাজী

মক্কাৰ পৰা আব্দুল হাই, প্ৰথম খবৰ: চৌদি আৰৱৰ পবিত্ৰ মক্কাত আজি চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় কাশ্মীৰৰ এজন হাজী৷ আহত আব্দুৰ ৰেজ্জাক বৰ্তমান সংকটজনক অৱস্থাত মক্কাৰ আজিজীয়াৰ মুখ্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ আনহাতে ইফালে আজিজীয়াৰ ১৪৮ নং বিল্ডিংৰ লিপট্‌ৰ চেপাত আহত হয় অসমৰ কৰিমগঞ্জ জিলাৰ আব্দুল মুতালিব নামৰ এজন হাজী৷ উল্লেখ্য যে কৰিমগঞ্জৰ এই লোকজন লিপট্‌ৰ চেপাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈ অচেতন হৈ পৰাত এই লোকজনক লগে লগে খাদিমুল হুজ্জা নামৰ এজন লোকৰ তৎপৰতাত চিকিৎসা প্ৰদান কৰাত হাজী গৰাকী সুস্থ হৈ উঠে। বৰ্তমান আব্দুল মুতালিব সংকটমুক্ত বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close