অসমশীৰ্ষ

মক্কাত মধ্যপ্ৰদেশৰ এজন হাজীৰ মৃত্যু, পথৰ চিৰিৰ পৰা পৰি আহত ১২ হজযাত্ৰী

মক্কাৰ পৰা আব্দুল হাই, প্ৰথম খবৰ: চৌদি আৰৱৰ পৱিত্ৰ মক্কাৰ আজিজীয়াস্থিত ৩৩২ নং বিল্ডিংত সংঘটিত হৈছে এক মৰ্মান্তীক ঘটনা৷ মধ্যপ্ৰদেশৰ মহম্মদ ছলিম নামৰ এজন হজযাত্ৰীয়ে উক্ত বিল্ডিংৰ বাথৰুমত ভৰি পিছলি পৰি গুৰুতৰভাৱে আহত হয় আৰু হাজী গৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত্যু বুলি ঘোষণা কৰে। আনহাতে ইফালে মক্কাৰ কাবা শ্বৰিফৰ কাষৰ এটা পথৰ চিৰিৰ পৰা ভিৰৰ মাজত ভৰি পিচল খাই ভাৰতৰ ১২ জনকৈ হজযাত্ৰী আহত হৈছে। আহত এই আটাইকেইজনক মক্কাৰ আজিজীয়াৰ মুখ্য হাস্পাতালত ভৰ্তি কৰা হয় আৰু চিকিৎসকে আটাইকেইজনৰ অৱস্থা সংকটমুক্ত বুলি ঘোষণা কৰে। ইফালে ভাৰতৰ কাশ্মীৰ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম আৰু মধ্যপ্ৰদেশৰ শ শ হজযাত্ৰী জ্বৰ, কপ-কাহ, পেটৰ অসুখ, শৰীৰৰ বিষ আদি ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত শাৰী পাতি থিয় হৈ থকা পৰিলক্ষিত হৈছে। বৰ্তমান এই লোকসকলক ঔষধ পাতি যোগান ধৰি থকা হৈছে।

Related Articles

Leave a Reply

Close