
নিউজ ডেস্ক, প্ৰথম খবৰ: মৰিগাঁৱত অনুষ্ঠিত হব লগা শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৮তম অধিৱেশনক লৈ ইতিমধ্য তৎপৰ হৈ উঠিছে মৰিগাঁও জিলা প্রশাসন আৰু আয়োজক সমিতি৷ উল্লেখ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ৬,৭,৮ আৰু ৯ তাৰিখে অনুষ্ঠিত হবলগীয়া এই অধিৱেশনত প্রধান মন্ত্রী আৰু লাখ লাখ ভক্তৰ নিৰাপত্তালৈ লক্ষ্য ৰাখি মৰিগাঁও আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ এটা দলে আজি দ্ৰোণৰ সহায়ত অধিৱেশন স্থলীৰ চাৰিসীমাৰ ছবি সংগ্রহ কৰি সংবাদমাধ্যমৰ আগত এই কথা ঘোষণা কৰে৷