অসমশীৰ্ষ

হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ সোনাইপাৰ গৌৰিনাথ মন্দিৰত নাম কীৰ্ত্তন

প্ৰথম খবৰ, জাজৰি: হিমাক লৈ অাশাবাদী সমগ্ৰ অসমৰ লগতে নগাঁৱৰ সোণাইপৰীয়াবাসী। শনিবাৰে হিমাই খেলিবলগীয়া এছিয়ান গেমছৰ দৌৰ প্ৰতিযোগীতাৰ বাবে শুক্ৰবাৰে বিয়লি গৌৰিনাথ শিৱমন্দিৰৰ ভক্তপ্ৰাণ ৰাইজে এই মন্দিৰত এলানি সেৱা অাগবঢ়ায়। এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে প্ৰথমতে হিমাৰ ঘৰত উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃ তথা হিমাৰ বৰদেউতাকক লগ কৰে আৰু পিছত তেওঁলোকৰ সহযোগত সন্ধিয়া মন্দিৰত সেৱা অাগবঢ়ায়। ইণ্ডোনেচিয়াৰ জাৰ্কাটাত অনুষ্ঠিত এছিয়ান গেমছত শনিবাৰে খেল প্ৰদৰ্শন কৰিবলগীয়া হিমা দাসকলৈ এতিয়া অধিক আশাবাদী প্ৰতিজন অসমীয়াৰ লগতে ভাৰতবাসীও। সকলোৰে আশা অসম জীয়ৰী তথা স্বৰ্ণকন্যা হিমাই দুভৰীৰ যাদুৰে ইতিহাস ৰচি সুনাম অৰ্জনেৰে গৌৰৱাম্বিত কৰিব সমগ্ৰ দেশবাসীক। উল্লেখ্য যে শনিবাৰে খেলিবলগীয়া হিমাই যাতে এই খেলত সফলতা অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰে কামনাৰে শুক্ৰবাৰে এই নাম প্ৰসংগ কৰে হিমাৰ জন্মভূমি নগাঁৱৰ ভক্তপ্ৰাণ ৰাইজে।

Related Articles

Leave a Reply

Close