অসমশীৰ্ষ

১২টাকৈ এন আৰ চি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কৰি মমতা বেনাৰ্জী আৰু শিলাদিত্য দেৱক সমালোচনা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইনৰ

প্ৰথম খবৰ,চেঙা: সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে মঙ্গলবাৰে সমষ্টিটোৰ ১২টাকৈ এন আৰ চি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কৰি সৰুক্ষেত্ৰী সমষ্টিৰ সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে বিয়লি ভাগত মাজদিয়া এন আৰ চি সহায়ক কেন্দ্ৰত উপস্থিত হৈ স্থানীয় ৰাইজৰ স’তে মত বিনিময় কৰাৰ লগতে প্ৰতিটো পৰিয়ালৰ কমেও এগৰাকী সদস্যক এন আৰ চি সহায়ক কেন্দ্ৰত গৈ চূড়ান্ত খচৰা চাবলৈ আহ্বান জনায় আৰু খচৰাত ফটো, নাম ,বয়স আদিৰ বিসংগতি ধৰা পৰাৰ কথা উল্লেখ কৰি এইবোৰ অনলাইনত ধৰা নপৰাৰ কথা কয়। এন আৰ চি সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। মমতা বেনাৰ্জীক অসমলৈ স্বাগতম জনাই এন আৰ চিৰ বিষয়ত উত্তেজনা সৃষ্টি নকৰিবলৈ আহ্বান জনায় বিধায়ক হুছেইনে। আনহাতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাকী লগাব পৰা নাই বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতো বাৰাম্বাৰ এন আৰ চিৰ ক্ষেত্ৰত বিৰূপ মন্তব্য কৰি অহা শিলাদিত্য দেৱক অসমৰ শান্তিকামী ৰাইজে ভালকৈ বুজি পাইছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে।

Related Articles

Leave a Reply

Close