অসমশীৰ্ষ

৮৫৫ গৰাকী বীৰ শ্বহীদক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন দৰঙ আঞ্চলিক ছাত্ৰ সন্থাৰ

দেওমৰনৈ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: অসম চুক্তিয়ে ৩৩ বছৰ সম্পূৰ্ণ কৰাৰ প্ৰাকমূহুৰ্তত সমগ্ৰ অসমৰ লগতে দৰঙতো আজি বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ গৰাকীতকৈ অধিক জাতিয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে। এই ছাত্ৰ সন্থা সকলৰ মতে অসম চুক্তিৰ ৩৩ বছৰ পূৰ্ণ হ’ল কিন্তু চুক্তিৰ মূল দফা সমূহ এতিয়ালৈকে ৰূপায়ণ নহল।অবৈধ বিদেশী নাগৰিক চিনাক্ত কৰণ নহল, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন নহল, অবৈধ বিদেশী নাগৰিক বহিস্কাৰ নহল। এওঁলোকৰ মতে চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্য্যকৰীকৰণ কৰিলেহে বীৰ শ্বহীদ সকলৰ আত্মাই শান্তি পাব। আজি প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই সোনকালে চৰকাৰক অসম চুক্তিৰ প্ৰতিটো দফা পালন কৰাৰ লগতে অসম চুক্তি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। আজিৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে আন্তঃ মঙ্গলদৈ ছাত্ৰ সন্থা, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা, দুনী আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থা, দলগাঁও আঞ্চলিক ছাত্ৰ সন্থা, কুৰুৱা আঞ্চলিক ছাত্ৰ সন্থা, ডাঁহী আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পুৱ মংগলদৈ আঞ্চলিক ছাত্ৰ সন্থা, মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থা, ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন শাখা ছাত্ৰ সন্থাসমূহে৷ প্ৰতিটো সন্থাই নিজ নিজ আঞ্চলিকৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close