অসমশীৰ্ষ

ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জংগলে কঢ়িয়াইছে অশনি সংকেত, ৰাইজৰ শ্ৰমদানেৰে বিপদমুক্তৰ প্ৰয়াস 

প্ৰথম খবৰ, ৰঙিয়া: নামনি অসমৰ আমিনগাঁওৰ পৰা ৰঙিয়াৰ মাজেৰে যোৱা ফৰলেনযুক্ত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োকাষে বাঢ়ি অহা ঘন জংগলে এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে সাধাৰণ ৰাইজলৈ। এই অন্যতম সুদীৰ্ঘ পথছোৱা ক্ৰমাৎ বিপজ্জনক হৈ পৰাত সাধাৰণ ৰাইজ আৰু যাত্ৰী সকল এতিয়া চিন্তিত হ’বলগীয়া হৈছে। যাত্ৰী তথা চালক সকলৰ মতে ঘাইপথৰ দুয়োকাষে বাঢ়ি অহা ঘন জংগলৰ বাবে নিতৌ সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। ফলত অকালতে মৃত্যুক সাবটি লবলগীয়া হোৱাৰ লগতে ঘুনীয়া হ’বলগীয়া হৈছে বহু লোক। এই জংঘলসদৃশ পৰিৱেশৰ বাবেই বিগত ঈদৰ দিনা ইয়াত নিহত হ’বলগীয়া হৈছিল ৰঙিয়া বালাগাঁওৰ এজন বয়োজ্যেষ্ঠ লোক। এই ঘটনাৰ পিছতে সমগ্ৰ বালাগাঁও অঞ্চলৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকণৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে আৰু পথৰ দুয়োকাষৰ জংগলবোৰ কটাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু গড়কাপ্তানী বিভাগক বাৰংবাৰ অনুৰোধ কৰা স্বত্তেও বিভাগ দুটাৰ তৰফৰ পৰা কোনো সঁহাৰি নোপোৱাত শুক্ৰবাৰে এই অঞ্চলৰ সকলো ৰাইজ একগোট হৈ ঘাইপথৰ দুয়োকাষে থকা জংঘলবোৰ কাটিবলৈ লয়। লগতে চৰকাৰী বিভাগৰ কৰ্মকাণ্ডত অতীষ্ঠ হৈ একাংশ প্ৰতিবাদী ৰাইজে হাতে হাতে দা-কুঢ়াল লৈ ৰাজ পথলৈ ওলাই আহে আৰু ঘাইপথ নিৰ্মাণ সংস্থাৰ চূড়ান্ত হেমাহিৰ বাবেই আমিনগাঁওৰ পৰা নামনি অসমৰ বৰপেটালৈ ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ হাবি-জংগলেৰে ভৰি পৰা বুলি অভিযোগ উত্থাপন কৰে ইয়াৰ স্থানীয় ৰাইজে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিক ভাৱে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো প্ৰশাসনে কোনো ধৰনৰ গুৰুত্ব আৰোপ নকৰাৰ ফলতেই আজি পথ দুৰ্ঘটনাত বহু লোকে মৃত্যুক আকোৱালী লবলগীয়া হোৱাৰ কথা উল্লেখ কৰে ইয়াৰ প্ৰতিবাদকাৰী ৰাইজে।

Related Articles

Leave a Reply

Close