অসমশীৰ্ষ

ঢেকিয়াজুলিৰ ত্রিমূত্তী প্ৰেক্ষাগৃহত এৰী বন্য কৃষি বিজ্ঞান মেলা

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ত্রিমূত্তী প্ৰেক্ষাগৃহত এখন এৰী বন্য কৃষি বিজ্ঞান মেলা অনুষ্ঠিত হয়। বিধায়ক অশোক সিংহল দেৱৰ উদ্যোগত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ মুগা ৰেচমকিত বীজ সংগঠনে আয়োজন কৰে এই মেলা। উক্ত মেলাত প্ৰায় ৬০০ তকৈ অধিক মহিলা শিপিনীয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অধ্যক্ষ কে এম হনুমন্তৰায়য়াপ্পা উপস্থিত থাকি শিপিনী সকলক উৎসাহ জনোৱাৰ লগতে উন্নতমানৰ চৌধুৰী এৰী সূতা কটা যঁতৰ ৰেহাইমূল্যত যোগান ধৰিব বুলি ঘোষণা কৰে। আজিৰ এই বিজ্ঞান মেলাৰ লগত সংগতি ৰাখি বিধায়ক অশোক সিংহলে এখন কেন্দ্ৰীয় ৰেচম বোৰ্ড এৰী সচ উৎপাদন কেন্দ্ৰৰ প্ৰদৰ্শনীও উদ্বোধন কৰে।

Related Articles

Leave a Reply

Close