অসমশীৰ্ষ

তিনিচুকীয়াত পথৰ দাঁতিত উদ্ধাৰ নৱজাতক

নিউজ ডেস্ক, প্ৰথম খবৰ: ক্ৰমাত মানৱ সমাজৰ পৰা হেৰুৱাবলৈ লৈছে মানৱীয়তা গুণ৷ মানৱ জাতিৰ মানৱীয় গুণক হেয় প্ৰতিপন্ন কৰি তিনিচুকীয়াত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷ তিনিচুকীয়াৰ চলিহা নগৰৰ খ্ৰীষ্টান মিছনেৰী পথৰ কাষত মঙ্গলবাৰে কোনো হৃদয়হীন লোকে পথৰ দাঁতিত পেলাই থৈ যায় এটি নৱজাতক। পিছত এগৰাকী স্থানীয় মহিলাই কান্দি থকা অৱস্থাত কাপোৰেৰে মেৰিয়াই থোৱা এই কন্যা শিশুটি উদ্ধাৰ কৰে আৰু তিনিচুকীয়া অসামৰিক হাস্পতালত চিকিত্‍সাৰ বাবে লৈ যোৱা হয় শিশুটিক৷

Related Articles

Leave a Reply

Close