অসম

ওৰাঙত অাক্ৰাছুৰ উত্তাল প্ৰতিবাদ।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অাৰু মূখ্য মন্ত্ৰী সৰ্বান ন্দ সোনোৱালৰ প্ৰতি মূৰ্তি দাহ

প্ৰথম খৱৰ ওৰাংঃ-ৰাজ্য সভাত ৬ জনগোষ্ঠীক জনজাতি কৰন বিধেয়েক উত্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰি অাজি ওদালগুৰি জিলা অাক্ৰাছু অাৰু ওৰাং অাঞ্চলিক অাক্ৰাছুয়ে যুটীয়া ভাৱে ওৰাঙত প্ৰতিবাদ সাব্যস্ত কৰে।অাক্ৰাছুৰ নেতা কৰ্মি সকলে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তিত চেণ্ডল,জোতাৰ মালা পিন্ধাই ওৰাং লক্ষীমন্দিৰ প্ৰাঙ্গনৰ পৰা চুচৰাই অানি ওৰাং চাৰিঅালিৰ মাজ মজিয়াত প্ৰতিমূৰ্তিত অগ্নিসংযোগ কৰে।প্ৰতিবাদ কাৰিয়ে বিজেপি গ’বেক,কেন্দ্ৰীয় অাৰু ৰাজ্য চৰকাৰ মিছলিয়া,জনজাতি কৰন নোহোৱালৈকে ক্ষান্ত নহও,অাক্ৰাছু জাগিছে ,নৰেন্দ্ৰ মোদী হায়,হায়,সৰ্বানন্দ হায় হায় ধ্বনিৰে ওৰাংচাৰিঅালি উওাল কৰি তুলে |

Related Articles

Leave a Reply

Close