অসমশীৰ্ষ

কাইলৈ বিধান সভাৰ বাজেটত কি কি থাকিব?


প্ৰথম খবৰ ব্যুৰ’: বুধবাৰে অসম বিধান সভাত বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাজেট৷ সন্মুখত যিহেতু সাধাৰণ নিৰ্বাচন আছে, সেইবাবে শাসক বিৰোধী সকলোৰে দৃষ্টি থকা এই বাজেট দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কল্যাণকামী বাজেট হ’ব বুলি মঙলবাৰে প্ৰকাশ কৰি বিত্তমন্ত্ৰী শৰ্মাই৷ আনহাতে, এই বাজেটতে ৰাজ্যৰ মঠ মন্দিৰ, দৰগাহ দৰ্শনৰ বাবে অসম দৰ্শন আঁচনিৰো শুভাৰম্ভ কৰা হ’ব৷ লগতে, এই বাজেট ভৱিষ্যত দৰ্শনসমৃদ্ধ বাজেট হ’ব বুলিও প্ৰত্যাশা কৰিছে বিত্তীয় বিশেষজ্ঞসকলে৷ দুখীয়া শ্ৰেণী অৰ্থাৎ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক পোনপটীয়াকৈ উপকৃত কৰা আঁচনিও থাকিব বুধবাৰে দাখিল কৰিবলগীয়া এই বাজেটত৷

Related Articles

Leave a Reply

Close