অসমনিবন্ধশীৰ্ষ

কাইলৈ ২১ ফেব্ৰুৱাৰী। চামগুৰিৰ বহু খিলঞ্জীয়া অসমীয়া ঘৰতে অঘৰী হোৱাৰ দিন

পৰাগমণি আদিত্য

১৯৮৩ চনৰ জানুৱাৰী। মাঘৰ উৰুকা। আমাৰ পদুলিতে পথৰ সিপাৰে বেলজোপাৰ তলত দেউতাহঁতে হাৰালীঘৰ সাজিছিল। কলঙৰ পাৰত। কাকো সোমাবলৈ নিদিয়ে। দিনটো বন্ধ কৰি থয়। ৰাতিটো হাৰালিঘৰত সোমাই থাকে। ওচৰতে যিহেতু থানাখন আছিল-পুলিচৰ চকুত ধূলি দি আন্দোলনৰ কথা পাতিবলৈ হাৰালিঘৰটো সাজি লৈছিল। তেতিয়া কোনো কোনোৱে মেজি জ্বলাই হাৰালিঘৰ এমাহলৈও ৰাখিছিল। আমাৰ ঘৰৰ পৰা আন্দোলনৰ ঘাটিটো হাৰালিঘৰ পালেগৈ।

ডিচেম্বৰ মাহৰ পৰাই আমাৰ ঘৰত সন্ধিয়া প্ৰায়েই বহুকেইজন মানুহ গোট খায়। পিতাম্বৰ খুড়া গণ সংগ্ৰাম পৰিষদৰ স্থানীয় গোটটোৰ সম্পাদক। গণেশমামা চাকৰিলৈ নগৈ ঘৰতে আছে। বিনোদ দাস খুড়া আহে। দুজন ছাত্ৰসন্থাৰ নেতাও আহে। আৰব বৰ্তাও আহে। পিছফালৰ কৰদৈজোপাৰ তলত জুইধৰি সকলো মাজৰাতিলৈকে বহি থাকে। সকলোৱে আলোচনা কৰি ভিডিপিৰ পহৰাৰ বিতৰণ কৰে। কেতিয়াবা পহৰাপাৰ্টীও চাহ একাপ খাবলৈ আহি ওলায়।

ইতিমধ্যে আমাৰ অঞ্চলটো ভালেমান দিন কাৰ্ফিউৰ মাজেৰে পাৰ হৈছে। আন্দোলনত প্ৰায় সকলো পুৰুষেই অংশ লৈছে। ৰাতি চিআৰপিয়ে ৰেইড কৰে। মতা মানুহ পালে মাৰধৰ কৰে। ধৰি থানালৈ লৈ যায়। গতিকে ল’ৰাবোৰ বাহৰতলীত নহলে পথাৰৰ আটিত থাকে। পোহৰ হ’লেহে। ঘৰলৈ আহে।

সৌভাগ্যক্ৰমে আমাৰ পৰিয়ালটোৰ এঘৰতো তালাচী চলোৱা নাই। হয়তো অ’চিয়ে ভাল ৰিপ’ৰ্ট দি থৈছে। দুজন বৰদেউতা স্বাধীনতা সংগ্ৰামী আছিল বুলিয়েই ছাগৈ অ’চিয়ে এটা বেলেগ ধাৰণা ল’লে।

ইয়াৰে সুযোগ ল’লে সকলোৱেই। আমাৰ ঘৰখন আন্দোলনৰ ঘাটিলৈ ৰূপান্তৰিত হ’ল। সদায় নিশা দেৰিলৈকে আলোচনা চলে। পুৱাই ভাগে ভাগে ওলাই যায়।

প্ৰথমতে শুদা হাতেৰেই আন্দোলনলৈ গৈছিল। ১৬ বছৰীয়া অতুল মুক্তিয়াৰক গুলীয়াই মৰাৰ দিনা আমাৰ চাৰিঘৰ মানুহৰ সকলো মতা মানুহ ৰেল অবৰোধ কৰিবলৈ গৈছিল। আমি ল’ৰাছোৱালীবোৰ গুৰি পথাৰত আছিলো। চাপৰমুখ শিলঘাট ৰেল লাইননে দুভাগ কৰা পথাৰখনৰ গাঁৱৰ ফালৰ অংশটো গুৰি পথাৰ। সিপাৰে আগ পথাৰ। ৰেল লাইনৰ কাষৰ চৰকাৰী মাটিখিনি ৰাইজৰ মাটি। ৰাইজৰ মাটিৰ কাষতে পাইপলাইন। ৰাতিপুৱা পাইপলাইনৰ ওপৰেৰে হেলিকপ্টাৰ চলে। ডাঙৰ বোৰে কয়- নিশা বোমা ফুটাবলৈ পাইপলাইন খান্দিছিল নে কি নিৰিক্ষণ কৰে হেলিকপ্টাৰখনে।

ভেলেউগুৰিত অতুল মুক্তিয়াৰক গুলীয়াই মৰাৰ দিনা ঢল পুৱাৰে পৰা এক বেলেগ পৰিবেশ। মতা-মাইকী, ল’ৰা-ছোৱালীৰ ভেদ নাই। ঢল বৈছে। ‘৮৩ চনটোত আমাৰ কাৰণে কেবাটাও ভাল কথা হ’ল। প্ৰথমটো হ’ল স্কুল যাব নালাগে। কোনোবাই কোনোবাই কৈছে- আন্দোলনৰ পিছত ডাইৰেক্ট হাইস্কুল গ’লেই হল। সৰুবোৰক ক্লাছ ফাইভত আৰু ডাঙৰবোৰক এইটত এডমিছন দিব।

দ্বিতীয় ভাল লগা কথাটো হ’ল-কাৰ্ফিউ চলি থকাৰ কাৰণে আমাৰ ঘৰৰ সন্মুখেৰে যোৱা এটি ৰোডত উঠাত মানা। পুলিচে গুলীয়াই দিব। ৰাস্তা মানে-আগফালে চোতাললৈ যোৱাও মানা। ৰাস্তাত পুলিচ-চিআৰপিৰ গাড়ী আৰু আধাঘন্টা-এঘন্টাৰ মূৰত এ এছ টি চিৰ বাছ।

ভালেই হ’ল। গাঁওখন যেন নতুন সংযোগৰ সাঁকোৰে বান্ধ খালে। গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ দুটা বাট ওলাল। এটা পিছফালৰ চোতাল বা বাৰীৰ মাজেৰে খোজকাঢ়ি যাবলৈ। দুঘৰমানে জেওৰা-চকোৱা ভাঙিও বাট মোকলাই দিলে। দ্বিতীয়টো বাঁহৰতলীৰ মাজেৰে আৰু গুৰি পথাৰ হৈ।

আমি এই বাট দুটাত বিৰিঙগুটি (মাৰ্বল) খেলো। অলপ ডাঙৰ বোৰে খুপিও খেলে। ইখন বাৰীৰ পৰা সিখন বাৰীলৈ খেল গৈ থাকে।

ৰেল অবৰোধ থাকিলে খেলখন পথাৰ পায়গৈ। কিন্তু বেছি আগুৱাই যাবলৈ নিদিয়ে। চিআৰপিয়ে ৰেলৰ পৰা গুলীয়ালেও যাতে নালাগে। সেই দুৰত্বত মাৰ্বল চলি থাকে।

হঠাৎ বিভিষীকাৰ সৃষ্টি হ’ল। আন্দোলনকাৰীক গুলীয়াইছে। চৰিওফালে হাহাকাৰ। মানুহবোৰেও ফেপেৰি পাতি ধৰিলে। কেটেপা বাটলুগুটি লৈ অতুল মুক্তিয়াৰো গৈছিল। ১৬ বছৰীয়া। থ্ৰি নট থ্ৰিৰ গুলীত পথাৰতে ঢলি পৰিল। কলিজা ফালি গুলী ওলাই গ’ল। কোনোবাই পৰি থকা অতুলক ডাঙি দিছিল। কলিজাটোৰ সৈতে বুকুখন পথাৰৰ নৰাৰ ওপৰতে ৰৈ গৈছিল। কেৱল কলিজাটোৱে ঢপঢপাই আছিল। সেইদিনাৰ পৰা ঘৰত এই কথাটো শ শ বাৰ শুণিবলৈ ধৰিলো।

কেকোৰাচুকটো ব্ৰহ্মচাৰীৰ লোকনাথ শইকীয়াক চিআৰপিয়ে গুলীয়াই মাৰিলে। আৰম্ভ হ’ল অত্যাচাৰ। গাঁৱত নিশাৰ ৰেইড।

সেইদিনা সন্ধিয়া এটা নতুন বস্তু ঘৰলৈ আহিল। এটা জীৱন্ত টিয়েৰ গেছৰ চেল। এলুমনীয়েমৰ চেলটোত দুয়োফালে পাঁচটাকৈ ফুটা।

হঠাৎ পৰিয়ালৰ পুৰুষ সকলৰ আচৰণ সলনি হবলৈ ধৰিলে।

পিছদিনা ৰাতিপুৱাই দুলালদাই পোন চাই অপইটা জাতিবাঁহ কেইটামান কাটি ৰাইজৰ মাটিত ৰেল লাইনৰ কাষত থিয় দিলে। আজি হেনো ৰেলত বহুত বেছি চিআৰপি আহিব। এটা দুটাকৈ কেবাটাও ল’ৰা সাজু হ’ল। ৰেল লাইনৰ কাষত এমূৰে জোঙালি লোৱা বাঁহবোৰ লুকুৱাই গৰু চৰাই, পায়চাৰি কৰি থাকোতেই ৰেলখন আহিল। দেউতাহঁতৰৰ মতে-মোমায়েকে ৰেলখন চলাইছে। এইটুকুৰাত স্পীড কমাই দিব। সকলো কথা আগতীয়াকৈ পতা আছে।

সঁচাকৈয়ে ৰেলখনে স্পীড কমাই দিলে। কমাই দিলে মানে- খোজকাঢ়িও ৰেলৰ সমানে সমানে যাব পাৰি।

এই সুযোগলৈকৈ যেন দুলালদাই অপেক্ষা কৰি আছিল। হঠাৎ লুকুৱাই থোৱা বাঁহ উলিয়াই খিৰিকিৰে যাঠিৰ দৰে খুছিবলৈ ধৰিলে। আধা কিল’মিটাৰ মানলৈকে খেদি খেদি আক্ৰমণ কৰিলে। বহুত ডবাত খিৰিকী মাৰি দিলে। বহুতে তৰ্কিবপৰাৰ আগতেই ডবাত খোঁচ পৰিল। কিছুদূৰ গৈয়ে ৰেলখনে গতি বঢ়াইছিল। ইপিনে আক্ৰমনকাৰী সকলে বাঁহৰতলীত সোমোৱাৰ প্ৰস্তুতি চলাইছিল। সকলোৱে জানে প্ৰত্যাক্ৰমন সন্নিকট।

সেইদিনা প্ৰথম ল’ৰাবোৰে হাতত কেটেপা-বাটলুগুটি, তৰোৱাল লৈছিল।

ধন্তিদা বিৰাট চোকা। মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী সুখ্যাতিৰে পাছ কৰি শিলচৰ মেডিকেলত চীট পাইছিল। আন্দোলনৰ কৰণে নপঠিয়ালে। কলেজ বন্ধ কাৰণে ঘৰলৈ গুচি আহিল।

আন্দোলন কৰিবলৈ যাওতে লৈ হাতত লৈ যোৱা সামগ্ৰী বাঢ়িবলৈ ধৰিলে। প্ৰথম খালী হাতেৰে গৈছিল। এতিয়া মৰাপাটৰ বস্তা আৰু ডাঙৰ টৌ লৈ যায়। টোত পানী সাজু কৰি বস্তা তিয়াই ৰাখে। টিয়েৰ গেছ দলিয়ালেই তিতা বস্তাৰে ঢাকি দিয়ে।

সন্ধিয়া এটা দুটাকৈ চেলবোৰ ঘৰলৈ লৈ আহে। দুই এজন নতুন মুখৰ মানুহো আহে। চেলবোৰ ওলোটাই পুলিচ চিআৰপিলৈ মাৰিব পৰাকৈ ম’ডিফাই কৰি খাৰৰ শলিতা লগাই দিয়ে। এই শলিতা জ্বলাই দলিয়াই দিলেই ধোৱা ওলাবলৈ আৰম্ভ কৰে।

দিনৰ ভাগত পুলিচ চিআৰপি আন্দোলনথলীত ব্যস্ত থাকিব লাগে। প্ৰতিদিনেই কাৰ্যসূচী। ৰাতি ৰেইডৰ নামত গাঁৱত অত্যাচাৰ। ল’ৰাবোৰ জংঘলত গাঁত খান্দি লুকাই থাকে। ছফুট-আঠ দহফুট প্ৰস্থ-দীঘৰ থিয় থিয় গাঁত খান্দে। পিছত মানুহ ওলাব সোমাব পৰা এটা সৰু ফুটা ৰাখি ওপৰত বাহ -কাঠ পাৰি মাটিৰে ঢাকি দিয়ে।

এইবাৰ আৰম্ভ হ’ল- জনতা কাৰ্ফিউ। আন্দোলনকাৰীৰো সান্ধ্য আইন ঘোষণা। আউনিআটিৰ মহাপ্ৰভূ থানৰ পিছফালে পাব্লিক জেইল। জনতা কাৰাগাৰ। কাৰ্ফিউ ভংগ কৰিলে দিনটো জেইল। সন্ধিয়া এৰি দিয়ে। গোটা বাঁহেৰে গোজপুতি খোৱাৰ সজাৰ দৰে সাজি উলিওৱা মুকলি বন্দীগৃহ। ৰাস্তাত ভলন্টিয়াৰ। গাড়ী-চাইকেল-মানুহ চব ধৰি পথাৰে পথাৰে জেললৈ লৈ যায়।

পুলিচ-চিআৰপিৰ অত্যাচাৰ যিমান বাঢ়িল প্ৰতিৰোধ সংগ্ৰামো সিমান বাঢ়িল। প্ৰথম কেইদিনমান পুলিচ-চিআৰপিয়ে তভক খাইছিল যদিও চৰকাৰী নিৰ্দেশত দুগুণ অত্যাচাৰী হৈ উঠিল।

এদিন বিনোদ দাসক ৰাস্তাৰ পৰা খেদি খেদি পথাৰলৈ আনিলে চিআৰপিয়ে। সেইদিনা আমি বাঁহৰতলীৰ ৰাস্তাৰে গৈ গাঁৱৰ সিমূৰত থকা মামাহঁতৰ ঘৰ পাইছিলোগৈহে। হঠাৎ হুৱা-দুৱা লাগিল। বন্দুকধাৰী চিআৰপিয়ে পথাৰে পথাৰে খেদি আনিছে যুৱনেতা বিনোদ দাসক। ভাল ফুটবল খেলুৱৈৰূপে পৰিচিত যুৱনেতা দাসে প্ৰাণটাকি দৌৰিছে। বাঁহৰতলীখন পালেই বাছি যাব। চিআৰপিয়ে বাঁহৰতলীলৈ ভয় কৰে। ৰাতিটো নোসোমায়েই, দিনতো নোসোমায়। চিয়াৰি কাড় মাৰে।

আহু সিঁচিবৰ বাবে কঢ়াই থোৱা পথাৰৰ চপৰাত উজুটি খাই বিনোদ দাস পৰি গ’ল। খেদি অহা চিআৰপিয়ে গছকি-গুৰিয়াই বহু সময় অত্যাচাৰ কৰাৰ পিছত ডাংকোলাকৈ লৈ গ’ল। খবৰ শুণি গাঁৱৰ মহিলা সকল চিআৰপিক অবৰোধ কৰিবলৈ আহে মানে-তেওঁক লৈ আতৰি গ’ল। মহিলা সকলে পিছে পিছে থানালৈও গৈছিল। কিন্তু চিআৰপিয়েও জানিছিল। অ’চিয়েও জানিছিল।

গাঁওখনৰ সোঁমাজতে থকা থানাত তেওঁক ৰখাৰ শক্তি নাই। বাহিৰে বাহিৰে নগাঁৱলৈ চালান দিলে। কোনোবাই ক’লে অত্যাচাৰত তেওঁ ইতিমধ্যে মৰিছে।

এফালে সান্ধ্য আইন, কলৈকো যাব নোৱাৰি। আনফালে উৰা বাতৰি। মানুহবোৰ খঙাল হৈ উঠিছিল। নিশালৈ থানা ঘেৰাও কৰাৰ পিছতহে নিশ্চিত খবৰ আহিল- অসহনীয় বেদনা লৈ বিনোদ দাস জীয়াই আছে।

নিৰ্বাচন জাপি দিছিল। সমগ্র অসমীয়া জাঙুৰ খাই উঠিছিল। চামগুৰিতো আৰম্ভ হ’ল কঠোৰ প্ৰতিৰোধ।

ইন্দিৰা গান্ধী শ্বিলঙলৈ আৰু বাজপেয়ী তেজপুৰলৈ অহাৰ তাৰিখ ঠিক হ’ল।

আমাৰ ঘৰলৈ কিছুমান নতুন নতুন যন্ত্ৰ আহিবলৈ আৰম্ভ কৰিলে। এইবাৰ আহিল এটা উচ্চ ক্ষমতাশালী দূৰবিণ। পাৰাৰ মিটাৰ সংলগ্ন দুৰবীণটোৰ পিছে পিছে আহিল আন কিছু সামগ্ৰী।

নিৰ্বাচন বৰ্জন কৰি কঠোৰ ৰূপত তেল অবৰোধ কাৰ্যসূচী আৰম্ভ হ’ল। চিকনীত থকা পাম্পিং ষ্টেচনলৈ চামগুৰিৰৰ পৰাও ভলন্টিয়াৰ যাবলৈ আৰম্ভ কৰিলে।

এনকুৱা এটা দিনতে আৰম্ভ হ’ল খিলঞ্জীয়াৰ ওপৰত অপ্ৰৰোচিত আক্ৰমণ। মৰিগাঁও, লাহৰিঘাটত তেজৰ নৈ ব’লে। ধিঙত দিনৰ পোহৰতে কেবাশ লোকৰ চকুৰ সন্মুখত সন্দেহযুক্ত নাগৰিকে কেবাজনো ছাত্ৰনেতাক হত্যা কৰিলে। প্ৰথমতে এখন গাঁও জ্বলিল। তাৰ পিছত আৰু এখন।

ইয়াৰ মাজতে এদিন সেই সিদ্ধান্ত আহিল। আমি আৰু ঘৰত থাকিব নোৱাৰিম। যিকোনো মূহুৰ্ততে কলঙৰ এইপাৰে আক্ৰমণ কৰিব পাৰে বাংলাদেশীয়ে। আলোচনাবোৰ মুকলি হৈছিল। মানুহে খোলাখুলিকৈ কথা পাতিছিল-ৰাজাকাৰ আহিছে বাংলাদেশীক সহায় কৰিবলৈ। হেলিকপ্টাৰত আহি পেট্ৰল কেৰাচিন দি গৈছে। অসমীয়াৰ গাঁও জ্বলাবৰ বাবে কঠোৰ নিৰ্দেশ আহিছে। বিদেশী খেদা অসমীয়াক ঘৰতে অঘৰী কৰিব লাগে।

কলঙৰ পাৰলৈ যোৱাটো বন্ধ হ’ল। কলং যেন নিৰাপত্তা ৰেখা। এনিশা নে দুনিশা সিপাৰৰ পৰা গুলীৰ শব্দও ভাঁহি আহিল। আমাৰ গাঁৱৰ ডাঙৰবোৰে ৰাতি মথাউৰিত পহৰা দিয়ে। আমাৰ ঘৰৰ সন্মুখতে মথাউৰিটোৰ নিৰ্মান সম্পূৰ্ণ হোৱাই নাই। আধাকিলোমিটাৰ পশ্চিমলৈ বৰালীগাঁৱত শ্লুইছগেটৰ দলং। এক কিলোমিটাৰ পূৱত বজাৰ দলং। আক্ৰমণ কৰিবলৈ এই তিনিটা পথেৰেই আহিব লাগিব। কিন্তু প্ৰথমে আক্ৰমণ কৰিব লাগিব কলঙৰ সিপাৰে সংখ্যালঘূ গাঁৱৰ গাতে লাগি থকা খিলঞ্জীয়াৰ গাঁওকেইখনত। তাৰ পিছতহে এইপাৰে আহিব পাৰিব।

এক ভয়ংকৰ সময়ৰ অপেক্ষা। বিদেশী খেদাবলৈ যোৱা অসমীয়া বিদেশীৰ ভয়ত ঘৰতে ত্ৰস্তমান। আৰক্ষীয়ে অসমীয়া মানুহক সহায় নকৰো বুলি জনাই দিছে। মানুহ মাৰিলে বা গাঁও জ্বলালেও পিছদিনাহে যাব।

তথাপিও বয়োজ্যেষ্ঠ দুজনমানে অ’চিক লগ ধৰিলে। আশ্বস্ত হ’ব পৰা একো খবৰ নাহিল।

ইতিমধ্যে তিনিচুকীয়াত থকা ডাঙৰ মামা চাকৰিৰ পৰা ঘৰলৈ গুচি আহিল। সদায় ৰাতি ৰেইড হয়। ঘৰত মুক্তিযোদ্ধা ককা আৰু ডাঙৰ মামা থাকে। মামাৰ বিচনাত চৰকাৰী চাকৰি কৰাৰ পৰিচয় পত্ৰ, অসুস্থ বুলি মেডিকেল চাৰ্টিফিকেট আৰু এসোপা ঔষধৰ বটল। চাহ-চিৰটা-কালমেঘ। কি কি কি যে দি সন্ধিয়াৰ পৰা দুইনম্বৰী চিৰাপবোৰ চছপেনত সিজাই, বটলত ভৰাই থয়। ৰাতি চিআৰপিয়ে শুঙি চায়। ভাওধৰা বুলি বেটডালেৰে ঘৰৰ খুটাতে দুকোবমান মাৰে। ককা সাহসী মানুহ। ফেপেৰি পাতি ধৰে। আইতাই এটা নতুন ভাষাই সৃষ্টি কৰি ল’লে- চিআৰপিৰ লগত কথা পাতিবলৈ।

চুবুৰিৰ দহ বাৰটা পৰিয়ালৰ মহিলা এঘৰত থাকে। ঢালাই বিচনা। চিআৰপি ইটো ৰূমৰ পৰা সিটো ৰূমলৈ গৈ বিচনা চাদৰ ডাঙি আন্দোলনকাৰী বিচাৰে। অবিবাহিত মাহীহঁতৰ কোঠাত সোমালে সকলো মাইকীমানুহ একেলগে আগবাঢ়ি যায়। হাতে হাতে কাঁহৰ কাঁহী। বজালেই গাঁৱৰ মাইকী মানুহ ওলাই আহিব। গণপ্ৰতিৰোধ। নাৰীশক্তি।

ওচৰৰ পাজৰৰ গাঁও সমূহত প্ৰতিৰোধ ভাঙি পৰিছে। কিন্তু আমাৰ গাঁৱৰ ল’ৰাবোৰে সংগ্ৰাম-প্ৰতিৰোধ অব্যাহত ৰাখিছে। ৰাতি ৰাতি পহৰা দিয়ে। ভাইটীদাই বাঁহৰতলত কেইটামান কমাৰ বহুৱাইছে। খোৱা-বোৱা, খা খৰচ দিয়ে। দিনটো যাঠি, চিয়াৰী কাড়, শেল বনাব লাগে। আদিবাসী গাঁৱৰ পৰা ল’ৰা আহি পৈণত বাহৰ লেকেছিৰে কাড় বনাই। কাড়ৰ আগত বিহ দিয়ে। টূণ সাজি এশ এশ কাড় আৰু ধনু সাজু কৰে।

আমাৰ ঘৰলৈ এখন তৰোৱাল আহিল। বিহ দিয়া। ল’ৰা ছোৱালীবোৰক জনাই দিলে-সেইখন লৈ কোনেও যাতে খেলা ধূলা নকৰে, কাটিলে নুশুকায়। পঁচি যাব। চামৰাৰ খাপত চিকচিকীয়া তৰোৱালখন দুৱাৰৰ চুকত আনে নেদেখাকৈ থোৱাৰ ব্যৱস্থা হ’ল।

পিছদিনা আহিল এটা প্ৰকাণ্ড শিঙা। গোনা মহৰ শিঙেৰে সজা প্ৰকাণ্ড শিঙা। সৰু ল’ৰা ছোৱালীয়ে ডাঙিবই নোৱাৰে। শিঙাৰ সংকেত ঠিক হ’ল। দীঘলীয়াকৈ ফুকিলে আক্ৰমণ হৈছে-অস্ত্ৰ শস্ত্ৰ লৈ সাজু হৈ আহিব লাগিব। চুটি চুটিকৈ ফুকিলে- চি আৰপিৰ ৰেইড। জংঘললৈ পলাব লাগে। শংখ বজোৱাৰ নিচিনাকৈ বাজিলে-জৰুৰী মিটিং।

বুঢ়া ভকতসকলে নামঘৰতো সংকেতৰ ব্যৱস্থা কৰিলে। ডবা বজাই খবৰ দিয়াৰ ব্যৱস্থা হ’ল। তিনিটা বেলেগ বেলেগ ধ্বনি। চিআৰপি আহিছে। মিঞা আহিছে। জৰুৰী মিটিং।

আমাৰ গাঁৱখনত এটা কথা ভাল হৈছিল-সৰু ল’ৰা ছোৱালী খিনিকো কথাবোৰ শিকাই দিছিল। আক্ৰমণৰ সংকেট পালে পথাৰলৈ পলাব আৰু ধোঁৱা ক’ত উঠিছে চাব। নিজৰ ঘৰৰ মানুহ নাপালেও গাঁৱৰ ডাঙৰ মানুহ যাকে পায় তাতেই সৈতে পলাব। কিন্তু পলাব কলৈ?

প্ৰথমে বাঁহৰতলীলৈ। বাঁহৰ তলীৰ ফালে আক্ৰমণ হ’ব যেন লাগিলে আগপথাৰৰ আটিলৈ। আৰু পথাৰলৈ আক্ৰমণকাৰী আহিলে এ এচ ই বি কলনীলৈ। ৰাতিও যাতে বাঁহৰতলীলৈ পলাবলৈ সাহস কৰে, তাৰ বাবে সৰু ল’ৰা ছোৱালীবোৰক আগতীয়াকৈ সাহস দিলে।

ৰাতি পুৱালেই খবৰবোৰ নৈৰ দৰে বৈ আহে। নাছি বোলে ৰেইড কৰোতে চোতালৰ লেচু জোপাতে শুই আছিল। পদ্মই বোলে মুধছত শুই থাকোতেই ঘৰত ৰেইড হ’ল। ইপিনে জোৰেৰে প্ৰস্ৰাব কৰিবলগাত মূধছতে কামফেৰা কৰিলে। নাওৰা তলত ৰৈ থকা চিআৰপি এটাই বোলে ‘অচানক কাহাছে বাৰিছ আয়া’ বুলি ভোৰভোৰাইছিল। লগতে আইতাৰ হিন্দী আৰু কোনোবা মহিলাই ৰেইড চলি থাকোতে মেক্সিৰ তলত ভায়েকক লুকুৱাই থোৱাৰ কাহিনী।

ৰাতিপুৱাই গাঁৱৰ সিমূৰে থকা মামাহতৰ ঘৰৰ পৰা বাঁহৰতলীৰে বিৰিঙগুটি খেলি খেলি এইমূৰে থকা আমাৰ ঘৰলৈ আহো। কাৰণ কোনো নথকা ঘৰখন এক বিচিত্ৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল। ঠিক ঘৰখন বুলি ক’লে শুদ্ধ নহ’ব! ঘৰৰ বৰচাংখন আৰু ভড়ালটো। প্ৰায়েই নতুন বয়বস্তু দেখোহি।

দূৰবীণটো, শিঙাটো আৰু বাঘধনুখন লৈ দিনটো খেলো। চিয়াৰি কাড় মাৰি-মাৰি পিছফালৰ বাৰীৰ ডাঙৰ-ডাঙৰ কলগছ বগৰাই পেলাও। কেইদিনমানৰ ভিতৰতে নিচান তীক্ষ্ণ হৈ পৰিল। পিছবেলালৈ আকৌ উলটি যাওঁ মামাহঁতৰ ঘৰলৈ।

এদিন ৰাতিপুৱাই ঘৰলৈ আহি থাকোঁতে বাঁহৰতলীৰ পৰাই দেখিলো- কেবাটাও লৰা ছোৱালী আৰু ডাঙৰ মানুহো গোবিন্দ আটিটোৰ ফালে গৈ আছে। ময়ো পিছ ল’লো।

কোনোবা এটাই জনালে গোবিন্দ আটিত লাওখোলা ওলাইছে। বহুত। শ শ। হাড়-মূৰ। জকা।

এই আটিটো বৰ নিৰ্জন। দিনৰ পোহৰতো বুকু কঁপি উঠে। ৰেল আলিৰ সিপাৰে দূৰৈত ৰিণি ৰিণি দেখি থকা পথাৰৰ মাজৰ জয়াল আটি। আটাইতকৈ দগাবাজ গৰখীয়া কেইটাও দিনতে অকলে নাযায়। কিন্তু তালৈ নোযোৱাকৈ নোৱাৰি।

এজোপা দুজোপা নহয় এডৰা পণিয়ল, আম আৰু কেইজোপামান জামুক গছ। কেতিয়াবা গহৰা গজা মধুৰীআম লাগি থাকে। হাতী ঢাকখাব পৰা মিটমিটী গছৰ হাবি। বছৰত এবাৰেই মানুহ আটিটোত উঠে। শাওনমহীয়া ওচৰৰ মাটি কিদৰা ৰোঁওতে দপৰীয়াৰ ভাত খাবলৈ আটিটোত নুঠিলে নহয়। তাৰ বাহিৰে তালৈ কোনো নাযায়।

আটিটোলৈ ধান পকাৰ সময়ত হাতী আহে। এবাৰ বাঘৰ খোজ দেখিছো। এবাৰ গড় এটা ফৰেষ্টৰ মানুহে ক’ৰবাৰ পৰা খেদি কাজিৰঙালৈ ওভটাই নি থাকোতে আটিটোত সোমাই নোলোৱা হৈছিল। আমি এক কিলোমিটাৰমান দূৰৰ বাঁহৰতলীৰ পৰা গছত উঠি গড় চাইছিলো।

সেই আটিত লাওখোলা। তালৈ লাওখোলা বিচাৰি গৈছিলনো কোন?

আটিটোৰ কাষৰ ধাননি কেইডৰাত খেতি ভাল হয়। সৰু ল’ৰা ছোৱালীবোৰ নৰাতে ঢাক খাই থাকে। আটিটোত এটা নতুনকৈ খন্দা গাঁত। কাষতে কেবাটাও লাওখোলা, হাড় মূৰ।

চিআৰপিয়ে বাঁহৰতলীটো বিচাৰিব পাৰে বুলি ভাবি কোনোবা ৰাতি আটিটোত শুবলৈ ছালি সাজিছিল। দুদিনমান শুলেও। কালি সন্ধিয়া এটা খুটা পুতিবলৈ লওঁতেই লাওখোলা ওলাল। বিশেষ ভয় নকৰি ৰাতিটো শুই থাকিল যদিও ৰাতিপুৱা খুদুৱনি মাৰিবলৈ ভালকৈ খান্দি চাওঁতে ভয়ত পেপুৱা লাগিল।

মানৰ আক্ৰমণৰ সময়ৰ নে কি? আহোমৰ দিনৰ যুদ্ধৰ নে কি? নাতিদূৰৈত মগলৌ পুখুৰী। কুৰংগনয়নীৰ সৈতে সম্পৰ্ক আছে নেকি?

কাৰো হাতত উত্তৰ নাছিল‌।

মানৰ আক্ৰমণ নহ’লে মিৰজুমলাৰ সৈতে যুদ্ধ! কেবাজনেও মত দিলে।

অবশেষত উত্তৰ লৈ এজন বৃদ্ধ আহিল। লাখুটি কঁপাই নৰা ফালি অহা গেন্ধালীৰ ফালৰ মানুহজনেহে ক’লে- এয়া বোলে দুশবছৰ পুৰণা লাওখোলা। কলেৰা আৰু হাইজাই চামগুৰি গ্ৰাস কৰিছিল। এঘৰতে পাঁচ-ছটাকৈ মানুহ মৰিছিল। খৰি দিবলৈও মানুহ নোহোৱা হৈছিল। মানুহে মৃতদেহবোৰ কলঙত উটুৱাই দিবলৈ বিচাৰিছিল। কোনোবাই বাধা দিলে-নামনিত বেমাৰ বিয়পাব। কলঙত উটুৱাব নালাগে। তাতকৈ গাঁৱৰ পৰা দূৰৈত থকা আটিটোত পুতি থওক। যেনেতেনে মৃতদেহবোৰ আনি আটিটোত পেলাই থৈ গৈছিল।

আপুনি কেনেকৈ জানে? কি প্ৰমাণ?

কেবাটাও প্ৰশ্ন ওফৰি আহিল।

তেওঁ নৰ’ল। কাহিনী কৈয়েই গ’ল। দিনটোৰ এটা সময়ত গৰুগাড়ীত তুলি মৃতদেহবোৰ লৈ আনে। আকৌ পিছদিনালৈ হে আহে। কি কৰিব? তাকে কৰিবলৈ মানুহ নাই। এটা নে দুটা মানুহৰ বোলে জীৱ ওলাই যোৱাই নাছিল। লৈ আনি পেলাই থৈ গ’ল। তেওলোকৰ পৰিয়াল উছন হৈছিল। ঘৰত চাবলৈও কোনো নাছিল। ঘৰে ঘৰে চাই আহোতে বিচনাত সাৰ সিকটি নোহোৱাকৈ পৰি থকা দেখি লৈ আনিছিল।

এনেকৈ এটা কেচুৱাও পেলাই থৈ গৈছিল। এক-ডেৰ বছৰীয়া। পিছফালৰ গাঁওখনৰ পৰা এজন মানুহ সন্ধিয়ালৈ হেৰুৱা গৰু বিচাৰি আহি আটিটোৰ ওচৰ পাওঁতে কেচুৱাৰ কান্দোনৰ শব্দ শুনি মৰসাহ কৰি আগুৱাই আহিল। মৃতদেহৰ মাজত কেচুৱাটোৱে চুচঁৰি ফুৰিছিল। নি:সন্তান মানুহজনে কেচুৱাটো ডাঙি ঘৰলৈ লৈ গ’ল। কেচুৱাটোৰ কলেৰা-হাইজা হোৱা নাছিল। ঘৰৰ সকলো মৰাৰ পিছত চাবলৈও কোনো নাছিল। কান্দি কান্দি ঠেৰেঙা লগা কেচুৱাটো পাই পেলাই থৈ গৈছিল।

মানুহবোৰ বাকৰুদ্ধ হৈ পৰিছিল।

: মই সেই কেচুৱাটোৰ নাতি।
কৈ কৈ মানুহটোৱে নৰা ফালি ওভটি গৈছিল।

এই ঘটনাটোৰ পিছত বহুত ল’ৰা ছোৱালীয়ে ভয় খালে। দিনে পোহৰেও পথাৰলৈ অকলে নহা হ’ল।

এদিনৰ পিছতে আৰু এটা কাহিনী হ’ল। কলঙৰ সিপাৰে কোনোবাই ৰাতি চাকি জ্বলাই গৰু বিচাৰি আছিল। কোনোবাই মিঞা আহিছে বুলি চিঞৰ মাৰিলে। শিঙা বাজিল। মানুহবোৰ টালি টোপোলা লৈ পলাল। জংঘললৈ। চুবুৰীত দুটা বন্দুক। দুলালদাহতঁৰটো আগফালৈ লৈ ওলাই গ’ল। আনটো চুলটান হুছেইন বৰ্তাহতৰ ঘৰত। তেওঁ নিজে বন্দুক লৈ ওলাই আহিল। বাঁহৰতলীলৈ পলোৱা মানুহবোৰে সাহস পালে। সকলোকে নিজৰ চৌহদত আশ্ৰয় দি ৰাতিটো পহৰা দিলে। সকলোৰে সাহস আৰু বাঢ়িল।

দুতিৰাম বৰ্তাহতৰ বাইদেউহতঁ ল’ৰা ছোৱালী লৈ ঘৰলৈ আহিল। অনন্ত মোৰ লগৰ। দুবছৰমানৰ আগতে শিলগুটি মাৰি মাথা ফালি থোৱাৰ বাবে মাতবোল নাছিল। এইবাৰ নিজে মাতিলেহি। বহুত খবৰ জানে। দন্দুৱাত বহুত মানুহ মাৰিছে। কছুটা দিছে। বৰ ভয়েৰে কথা কেইটা কয়। সিহঁতৰ পৰিয়ালটোতে মোৰ দুটা লগ হ’ল।

ধেণুখনত মোৰ হাত যথেষ্ট পোন হ’ল। বাটলুগুটি মাৰি এদিন সন্ধিয়া বাহলৈ ওভটি গৈ থকা শৰালী হাঁহ তলত পেলালো। সেইদিনা এই কামৰ বাবে যথেষ্ট মাৰো খালো। ইতিমধ্যে মোৰ বিচৰণ এলেকাটো বাঢ়ি গৈছিল।

ৰাস্তাৰ সিপাৰলৈ গৈ বেলজোপাৰ মূঢ়াত থকা ডাঙৰ ধোন্দটোত সোমাই খেলিবলৈ সাহস আহিল। ধোন্দটো ৰাস্তাৰ পৰা নেদেখি। কলঙৰ ফালে মুখ কৰি আছিল। কলঙৰ সিপাৰৰ পৰাও নেদেখি। এডৰা ককলুৱা ঢেকিয়া। ৰাস্তা পাৰ হবলৈ ভয় মাত্ৰ চিআৰপিৰ পেট্ৰলিঙৰ গাড়ী। কোনোবা এটাই কাণ উণাই তাঁতিৰ কাষত লুকাই গাড়ীৰ শব্দ শুনে। একো শব্দ নুশুনিলে আগুৱাই গৈ ইংগিত দিয়ে। লগে লগে সকলো দৌৰে। একেদৌৰে ৰাস্তাৰ সিপাৰ। বেল গছৰ ধোন্দ।

আমি চাৰিটামানে খেলি আছিলো যদিও সিহঁত কেতিয়া গ’লগৈ আৰু মই কেতিয়া ধোন্দটোৰ ভিতৰতে টোপনি গ’লো গমেই নাপালোঁ। যেতিয়া সাৰ পালো- সন্ধিয়া লাগিবলৈ ধৰিছিল। কলঙৰ সিপাৰে বিভিষিকা।

ঘোপমৰা আন্ধাৰত প্ৰায় এক কিলোমিটাৰ বাঁহৰতলীৰে দৌৰি মামাহঁতৰ ঘৰ পাওমানলৈ তাতো খবৰ পাইছিল। মানুহবোৰ তালি টোপোলা বান্ধি সাজু হৈ আছিল। কিন্তু পলোৱা নাছিল। ভাবিছিলোঁ- ইমান দেৰিলৈকে নহাৰ বাবে কঠোৰ জেৰা আৰু মাৰ খাব লাগিব। কিন্তু তেনেকুৱা একো হোৱা নাই।

ভিতৰে বাহিৰে বহুত মানুহ। আগফালে মতা মানুহ কেইটাই পহৰা দি আছে। ককাই সঘনাই পদুলিতে থকা চাৰ্কোল আফিচ আৰু চি আই অফিচৰ সৈতে যোগাযোগ ৰাখিছে। কেপছষ্টান মিক্সাৰ হুপি পদুলিৰ পৰা চোতাললৈ দিঘলীয়া বাটটোত পায়চাৰি কৰি আছে।

কি হৈছে কোনেও একো কোৱা নাই। সিপাৰে ঘৰ জ্বলিছে। অথচ পলোৱা নাই। এইকন আহি পাবলৈনো কিমান সময় লাগিব?

ঘৰৰ ভিতৰৰ কোঠাত সোমবলৈ দিয়া নাই। আৰু কিবা এটা হৈছে। কিন্তু কোনেও কোৱা নাই। কেইমূহুৰ্তমান আগতে দেখি অহা আতংক আৰু ভয়, ঘিটমিটিয়া আন্ধাৰত জয়াল বাঁহৰতলীখন
এক কিলোমিটাৰ দৌৰাৰ ভাগৰত বুকুখন ঢপঢপাই ঢপঢপাই এসময়ত একো কব নোৱাৰা হৈ থাকিলো।

কোনোবাই হেচুকি-ঠেলি জগোৱাত যেতিয়া সাৰ পালো; ঘৰখনত এক নতুন পৰিবেশ। আন্ধাৰ হৈয়ে আছে, কিন্ত সকলো উঠিল। বাহিৰত জুই ধৰিছে। যাঠি লৈ পহৰা দিয়াসকলো জুইৰ ওচৰত বহিছে। কিবা এটা যেন ফুৰ্তি-আনন্দ সকলোৰে মনত।

কিহৰ আনন্দ?

বেঙা বেঙি কৰি থাকিব নালাগে। ভণীয়েৰ এজনী পালি। ভিতৰলৈ গৈ চাই আহগৈ! মাহীয়ে ঠেলি ঠেলি ভিতৰলৈ লৈ গ’ল।

আমাৰ পৰিয়ালৰ সদস্য বাঢ়িল। ৰাতিয়েই দেউতাও আহিছিল। সকলোৱে বাহিৰত ঠাণ্ডা গুচাবলৈ ফিকা চাহ খাইছে। পোহৰ হও হও।

মানুহবোৰে আলোচনা কৰিছে-সিপাৰত আৰু ঘৰ জ্বলাইছে। এতিয়ালৈকে দহটামান জ্বলিল।

ইতিমধ্যে ককা বাজপেয়ীৰ ভক্ত হৈ পৰিছিল। স্বাধীনতা সংগ্ৰামত ব্ৰিটিছ সৈন্য হত্যা কৰা মানুহ। সুভাষ বসুক আগবঢ়াই আনিবলৈ ‘৪১ চনতে কহিমা-ম’ৰে-টামুলৈ গৈ ১৯৪৭ চনৰ নবেম্বৰ মাহত দুৰ্গাপূজাৰ অষ্টমীৰ দিনাহে ওভটি আহিছিল।
উভটি আহি কংগ্ৰেছৰ ৰূপ দেখি হতবাক হৈ পৰি প্ৰজা সমাজবাদী দলত যোগ দিছিল। দেশৰ সকলো খবৰ ৰাখে। ৰেডিঅ’টো হাততে থাকে। পেপাৰ লবলৈ এএছটিচিৰ ৰঙা বাছলৈ ৰৈ থাকে। ঘৰত ছোভিয়েট দেশ আৰু নতুনকৈ ওলোৱা প্ৰান্তিক ৰাখে।

বাজপেয়ী গহপুৰ গৈছে। তাৰ পৰা যোৰহাট যাব। যোৰহাটৰ পৰা চিধাই চামগুৰি।

ককাই যোগাযোগ ৰাখিছে। বাজপেয়ীয়েই ভাৰসা। খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা।

মাজে মাজে গৰ গৰাই উঠে। ইন্দিৰাই বিশ্বাসঘাতকতা কৰিছে। খিলঞ্জীয়াক মৰোৱাই ৰং চাইছে। একমাত্ৰ বাজপেয়ীয়ে সঁচা কথা কৈছে। বিদেশী খেদাৰ আন্দোলন হৈছে সঁচা, কতো সাম্প্ৰদায়িক হিংসা হোৱা নাই। ওলোটাই খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলিছে। দক্ষিণ কামৰূপত ছাত্ৰী এগৰাকীকো হত্যা কৰিছে। এফালৰ পৰা গাঁও জ্বলাইছে। খিলঞ্জীয়াই প্ৰত্যাক্ৰমন কৰা নাই। বাজপেয়ীয়ে ঠিকেই কেছে-আন ৰাজ্যত হোৱা হ’লে কচু কটা দিলেহেতেন।অসমীয়া বুলিহে ধৈৰ্য ধৰিছে।

ৰাতিপুৱাই আকৌ বাঁহৰতলীৰে ঘৰলৈ দৌৰিলো। ৰেল লাইনতো পেট্ৰলিঙ দিছে। অইলৰ পাইপলাইন আৰু চিআৰপি কঢ়িওৱা ৰেলৰ নিৰাপত্তাৰ বাবে তহল দিয়ে।

ৰাস্তাত কাৰ্ফিউ। কেৱল পুলিচ-চিআৰপিৰ গাড়ী। মানুহ দেখিলেই গুলী। ডাইৰেক্ট ইন্দিৰাৰ অৰ্ডাৰ!!

আন্দোলনটো হোৱাৰ পৰা কথাটো সলনি হ’বলৈ ধৰিছে। ইতিমধ্যে দুবছৰ মাটি চন পৰিছে। খেতি কৰা নাই। আনেহে অলপ মাটি খেতি কৰি আধি ভাগ দি গৈছেহি। সেইকেইটাও বেছি আন্দোলনৰ খৰছ উলিওৱাত ভড়াল ভৰি নাথাকে। তথাপিও নিয়মৰ হেৰফেৰ নহয়। ভড়ালত যিকোনো মানুহ সোমাব নোৱাৰে।

তাৰ কাৰণ হ’ল ভড়ালৰখীয়া বাকৰাজ সাপযোৰ। ইমান এলেহুৱা সাপ দেখা নাই। ডুলি এটাৰ ভিতৰতে সোমাই শুই থাকে। ল’ৰচৰো নকৰে নোলায়ো। ডুলিত সোমোৱা নিগনি খাই খায়েই বছৰটো পাৰ কৰি দিয়ে। ডুলিৰ পৰা গুটি ধান উলিয়াবলগীয়া হলেই বিপদ। ইটো ডুলিৰ পৰা বাকৰাজ দুটা সিটো ডুলিলৈ নিব লাগে। অবশ্যে কামতো সহজ। ভড়ালৰ ভিতৰত এটা পুৰণি ওখোন থাকে। ওখোনটো পাতি দিলে সাপদুটাই পাকমাৰি ধৰে। লাহেকৈ ডাঙি সিটো ডুলিত সোমোৱাই দিলে নিজে নামি যায়। বচ। এবছৰলৈ চিন্তা নাই।

কোনোবাই কয়-আউসী-পূৰ্ণিমাত পানী খাবলৈ ওলায়। কিন্তু সচাকৈয়ে বাহিৰলৈ ওলালে কেতিয়াও নেদেখিমনে?

এই সাপযোৰৰ কাৰণেই ভড়ালত কেতিয়াও চুৰি নহ’ল।

আনদিনা জনশূণ্য হৈ থকা পদুলিত সেইদিনা বহুত মানুহ। চুবুৰীত ল’ৰা ছোৱালীয়েই ত্ৰিছটামান হ’ল। আকৌ ৰাস্তা পাৰ হ’লো। আকৌ বেলজোপাৰ খোলোং পালোগৈ।

চকুৰ সন্মুখতে খৰালীৰ জীৰ্ণ শীৰ্ণ কলং।

সেইদিনা সোণকালে আহি মামাহতৰ ঘৰ পালোহি।

পিছদিনা স্বাভাৱিক ভাবে পাৰ হ’ল। সন্ধিয়া ঢালাই বিচনাত পৰোতেই টোপনি আহিল।

যেতিয়া সাৰ পালো চৌদিশে হাহাকাৰ। ৰৈ ৰৈ নামঘৰত ডবা বাজিছে। অহৰহ। আমাৰ শিঙাৰ মাতো ৰাস্তাৰ পৰা ভাঁহি আহিছে। থানাৰ পাগলা ঘান্টিৰ শব্দও শুণা গৈছে। বাহিৰত কোলাহল। সৰু ল’ৰা ছোৱালী কেইটাই ভয়ত কান্দিছে। কোনোবাই মোৰ হাতটো কাপোৰৰ টোপোলা এটা গুজি দিলে। পুৰুষ সকলে যাঠি লৈ চোতালৰ পৰা পদুলিলৈকে তহল দিছে। উত্তৰ আকাশলৈ ঘনাই চাইছে। পুৱা ঢলফাত দিয়াৰ দৰে ৰঙ পোহৰৰ ৰেশ। ৰাস্তাৰ সিপাৰে থকা পৰিয়াল কেইটাও আহি পালেহি। এজন পুৰুষৰ নেতৃত্বত শিশু আৰু মহিলাৰ দলটোৱে পুখুৰীৰ পাৰেৰে পথাৰলৈ ঢাপলি মেলিলে। আন্ধাৰত এক আতংকময় যাত্ৰা। কিন্তু যাব ক’লৈ?

দুই এজনৰ হাতত এভাৰেডী ট’ৰ্চ আছিল যদিও জ্বলাবলৈ দিয়া নাই। আক্ৰণকাৰীয়ে দুৰৰ পৰাই অবস্থান গম পাব। পথাৰত আৰু দুটামান চুবুৰীৰ মানুহ লগ হ’ল।

সৰু সৰু কেচুৱা কেইটায়ো যেন কিবা বুজি পাইছে। কন্দা নাই। তিনি চাৰিবছৰীয়া শিশুৰ হাততো টোপোলা, কাপোৰৰ মোনা।

অবধাৰিত আছিল এই পৰিস্থিতি। ভূৰবন্ধা-লাহৰিঘাটত আগনিশাই কেবাঠাইটো খিলঞ্জীয়াৰ ঘৰ জ্বলাই দিছিল। হত্যা কৰিছে শিশু, বৃদ্ধ, মহিলাক। বিদেশী খেদিবলৈ যোৱা অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে। কামৰূপৰ চমৰীয়া, ছয়গাঁৱতো গাঁও উছন হৈছৈ। গহপুৰত আকৌ খিলঞ্জীয়াৰ গাঁৱত জনজাতি আৰু চাহ জনজাতিৰ ভাই সকলেই আক্ৰমণ কৰি অজস্ৰজনক হত্যা কৰিছে।

নিশাটো ৰেলৰ আলিতে পাৰ হ’ল। আমাৰ তিনিদিনীয়া ভন্টিক লৈ মা পথাৰতে থাকিল। এএচইবিৰ কলনী সুৰক্ষিত স্থান আছিল। চিআৰপিয়ে কলনীটোৰ ভিতৰত অবস্থান লৈ গেটত তলা লগাই দিছে। থানাৰ গেটো বন্ধ কৰি দিছে। নামঘৰলৈকে যোৱাৰ কথাও ডাঙৰবোৰে আলোচনা কৰিচিল। কিন্তু গাৱত আক্ৰমণ হ’লে নামঘৰো সাৰি নাযাব। পথাৰৰ পৰা পিছফালৰ গাঁৱলৈ পলাবলৈ সুচল হ’ব।

নিশাই পিছফালৰ গাৱৰ পৰা বড়ো, ৰাভা আৰু আদিবাসী সকল আহি প্ৰতিৰোধ গঢ়ি তুলিলে। মোৱামাৰী, কৰৈয়নীৰ ফালে দুখনমমান গাও জ্বলাই আৰু আগবাঢ়িব নোৱাৰিলে। চামগুৰি, ফুকনটোল, বৰালীগাঁও সুৰক্ষিত হৈ থাকিল।

১৭ অক্টোবৰ অসমীয়াৰ বাবে ক’লা দিন। অবৈধ নিৰ্বাচনৰ দিন। আছু- গণ সংগ্ৰাম পৰিষদৰ বৰ্জন নেওচি কংগ্ৰেছ, বাম দল সমূহৰ মৰ্চাই নিৰ্বাচনত ভাগ লৈছে। বিজেপি, জনতা দলে বৰ্জন কৰিছে। চামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থী নগাঁও চহৰৰ পৰা আমদানি দিছে। নুৰুল হুছেইন। খিলঞ্জীয়াৰ বসতি থকা এলেকাত প্ৰচাৰ চলাবলৈ অহা নাই। নগাঁও চহৰৰ পৰা ৰূপহী লাওখোলা হৈ সংখ্যলঘূ এলেকাত প্ৰচাৰ চলাইছে। বাটত য’তেই খিলঞ্জীয়াৰ গাঁও তাতে প্ৰতিৰোধ কৰিছে।

পিছদিনা খিলঞ্জীয়াৰ বসতি থকা বেছি ঠাইতে নিৰ্বাচন নহ’ল। ভোটগ্ৰহনকাৰী দল নাহিলেই। য’ত পুলিচ চিআৰপিয়ে ভোটকেন্দ্ৰ বহুৱালে, তাতো ভোট নপৰিল।

কেইখনমান গাঁৱত পুলিচ-চিআৰপিয়ে গাঁৱত সোমাই যাকে য’তে পালে এফালৰ পৰা খেদি নি ভোট দিয়াবলৈ চেষ্টা কৰিলে। কিন্তু বিশেষ সফল নহ’ল। দিনটোত দুবাৰমান জনতা দলৰ নেতা ভবেন শইকীয়া আহিল। ‘৭৭ৰ চামগুৰিৰ বিধায়ক। আন্দোলন সমৰ্থন কৰাৰ সূত্ৰে ককাৰ সৈতে অতি ঘণিষ্ঠ হৈ পৰিছে।

আমাৰ ঘৰলৈও প্ৰায়েই আহি আলোচনাত বহে।

সেইদিনা নিশালৈ চিআৰপিৰ ৰেইড নচলিল। এবছৰমানৰ পিছত বোলে থানাৰ পৰা কোনো ক’লৈকো নগ’ল।

পিছদিনা পুৱা অসম আৰু অসমীয়াই কলংক মোচন কৰিব নোৱাৰা এটা দিন। যদিও আমাৰ মানুহে পিছদিনা সন্ধিয়াহে জানিব পাৰিছিল। নেলীৰ গণহত্যা। সহস্ৰাধিক লোকক নৃশংসভাবে হত্যা কৰাৰ কলংকিত দিন। সেইদিনা কোনেও জনা নাছিল এই দিনটোৱে অসমক চিৰদিনলৈ কলংকিত কৰি ৰাখিব।

ইতিমধ্যে চৰকাৰ বিৰোধী আন্দোলন খিলঞ্জীয়া আৰু বেদখলকাৰীৰ সংঘাতত পৰিনত হৈছিল। অসমত জুই জ্বলিছিল। ক’ৰবাত খিলঞ্জীয়া-সংখ্যালঘূ, ক’ৰবাত খিলঞ্জীয়া-খিলঞ্জীয়া। ক’ৰবাত ভাষিক সংখ্যালঘূ-ধৰ্মীয় সংখ্যালঘূৰ যুজ। আন কোনো স্থানত আকৌ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘূৱে একেলগে খিলঞ্জীয়াক আক্ৰমণ কৰিছে।

ইন্দিৰা গান্ধী সফল হৈছিল। আন্দোলনটো দিশহাৰা কৰি অসমত জুই জ্বলাবলৈ সক্ষম হ’ল।

পিছদিনা চামগুৰিত এটা ডাঙৰ অঘটন হ’ল। উত্তৰপাৰে থাকিবলৈ লোৱা আমাৰ গাঁৱৰে তোলনদাহঁতৰ ওপৰত দা যাঠিৰে সংখ্যালঘূৰ এটা দলে আক্ৰমণ চলালে। দাৰে ঘপিয়াই পেট ফালি দিছিল। নাড়ী-ভূৰু বাহিৰলৈ ওলাই যোৱাত মৰিল বুলি এৰি থৈ গৈছিল। গামোচাৰে নাড়ী-ভূৰু বান্ধি চোঁচৰি চোঁচৰি দলং পাৰ হওঁতেই আমাৰ মানুহে দেখি সাঙী বান্ধি লৈ আহিছে।

মূহুৰ্তৰ ভিতৰতে বনজুইৰ দৰে কথাটো বিয়পি পৰিল। নিশা সকলোৱে পহৰা দিয়াৰ সিদ্ধানত হ’ল। পুলিচৰ পৰা যে সহায় নাপায় তাত সকলো নিশ্চিত।

সেইনিশাও আমাৰ ফালে একো নহ’ল যদিও আমাৰ পৰা ছয় সাত কিল’মিটাৰ দূৰৈত সংখ্যালঘূ এলেকাত কেবাখনো গাঁও জ্বলিল।

পিছদিনা আকৌ বাঁহৰতলীৰে ঘৰলৈ আহিলো। প্ৰথমবাৰলৈ আন্দোলনৰ কামৰ ভাগ পৰিল। সন্ধিয়ালৈ জোৰ সমদল। ডাঙৰবোৰে অপইঁতা জাতি বাঁহ কাটি ভোটা সাজিছ। মৰাপাটৰ শলিতা সজা, কেৰাচিন ভৰোৱা ভোটাবোৰ কঢ়িওৱা কাম পৰিল। আমি কেইটামানে সৰু পাব কেইটামান কাটি নিজলৈও ভোটা সাজিলো। নিশালৈ সমদলৰ পিছে পিছে আমিও যাম। খিলঞ্জীয়াৰ নিৰাপত্তা আৰু বাংলাদেশী খেদাৰ দাবীত জোৰ সমদল।

কিন্তু সমদল উলিয়াব নোৱাৰিলে। আৰম্ভ কৰিবলৈ লওতেই এবাছ চিআৰপি জপিয়াই পৰিল। প্ৰথমবাৰৰ বাবে জঘন্য অত্যাচাৰ চকুৰ সন্মুখতে দেখিলো। কেবাজনকো ধৰি লৈ গ’ল। আমাৰ সৰু কেইটাৰ জোৰ হাততে থাকিল। নজলিলেই। কিছুমান মানুহ বাঁহৰতলীলৈ পলোৱা দেখি আমিও পলালো। এডৰা গেজেপনিমৰা হাবিৰ মাজে মাজে গৰুগাড়ী চলা নিমজ বাট। তাতে আমাতকৈ দুই তিনিবছৰ ডাঙৰ কেইটামানে জোৰ সমদল উলিয়াইছে। ডাঙৰ কোনো নাই। অশ্লীল শ্লগান। সেইবোৰ শব্দ আমাৰ গাঁৱৰ মানুহে নকয়। বাহিৰৰ দুই এটা মদাহীয়ে কাজিয়া পেছাল লাগিলে চিঞৰা শুনিছো। এটা সময়ত আমিও সমদলত যোগ দিলো- এক কিলো ভেণ্ডী, ইন্দিৰা গান্ধী …। … … জাৰ্চি গাই, দেব বৰুৱাই গাখীৰ খাই। … …

আমাতকৈ অলপ ডাঙৰ ল’ৰাবোৰেও বহুত কথা জানে। সেইদিনা এটা সন্ধিয়াতে বহুত জ্ঞান হ’ল। মাঘৰ বিহুৰ আগতেই শ্বিলঙৰ পৰা হেলিকপ্টাৰ লৈ নগাঁৱলৈ আহি কিছুমান মানুহক লগ ধৰি গৈছে। সহায় কৰিছে। অসমীয়াৰ ঘৰ জ্বলাব। মানুহ মাৰিব।

আচৰিত। দেবকান্ত বৰুবা ককাৰ ভাল বন্ধু। নামকাঢ়ি মাতে। চামগুৰি হৈ ক’ৰবালৈ গ’লে ককাহতৰ ঘৰত সোমাই যায়। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ককাই মুক্তি যোদ্ধা পেঞ্চনৰ বাবে আবেদন কৰা নাছিল। বোলে ২০ বছৰীয়া ডেকা এটাই কি পেঞ্চন লব। চাহৰ দোকান খুলিলে, খেতি বাতিত ধৰিলে। দেবকান্ত বৰুৱা আহিহে আইতাক গালি পাৰি ‘ফ’ৰ্ম এখন ফিলাপ’ কৰি লৈ গৈ পেঞ্চনৰ ব্যবস্থা কৰি দিছিল। বৰ শ্ৰদ্ধাৰে সকলোৱে তেওঁৰ নাম কয়। কবিতা আবৃত্তি কৰে। মোৰ বয়সৰ আন ল’ৰা ছোৱালীয়ে চিনি নাপালেও মই জনা হোৱাৰে পৰা শুনি শুনি তেওঁৰ বিষয়ে জনা হৈছো।

সেই দেবকান্ত বৰুৱা সন্ধিয়াতোৰ ভিতৰতে ঘৃণিত চৰিত্ৰত পৰিণত হ’ল। এই বিদ্বেষ পিছলৈও থাকি গৈছিল। স্কুল কলেজত কেতিয়াও দেবকান্ত বৰুৱাৰ কবিতা নপঢ়িলো। কেতিয়াও আবৃত্তি নকৰিলো।

কিন্তু পিছত পঢ়িব লগীয়া হৈছিল। আবৃত্তিও কৰিলো।

কাৰণ তেওঁক মই এবাৰ লগ পাবলৈ গ’লো। মফচলীয়া সাংবাদিকৰূপে কাম কৰিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁক লগ পাবলৈ গ’লো। বহুদিন নগাঁও নহাকৈ থকা মানুহজন ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছিল। বৰ মানসিক অন্তৰ্দ্বন্দৰে পুৰণা ঘৰটোত সোমাইছিলো। বৰ মুকলি মন এটা লৈ ওলাই আহিছিলো কেবাঘন্টাৰ পাছত। সংগ্ৰামখনৰ বৰ্ণনা সিটো মূৰৰ পৰাও শুনিলো। জ্ঞান চকু আৰু অলপ মুকলি হৈছিল সেইদিনা।

পিছদিনাই চিআৰপিয়ে আমাৰ দুজন বৰদেউতাৰ দুটা ল’ৰাক চি আৰ পিয়ে ধৰিলে। কাৰ্ফিউ চলি আছিল। জনতা সান্ধ্য আইন। প্ৰায় আধা কিলোমিটাৰ খেদি খেদি কলঙৰ মাজৰ দ্বীপ সদৃশ ঠাই এটুকুৰাৰ পৰা গুলীয়াই দিয়াৰ সকিয়নী দি কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল। বহুত মাৰ ধৰ কৰিছিল। বাবা দা আৰু ধনটি দাক। থানাত বেছি সময় নাৰাখি নগাঁৱলৈ চালান দিলে। আজি কালি ওচৰৰ কাৰোবাক ধৰিলে বেছি সময় থানাত নাৰাখে। চালান দিয়ে। থানা ঘেৰাও কৰাৰ আগতেই।

স্পষ্ট কৈ মনত আছে- চালান দিব বুলি জানিছিল। কিন্তু কোনো বাহিৰলৈ ওলাব নোৱাৰে। চাৰিঘৰ মানুহৰ সকলোৱে দুৱাৰ খিৰিকীৰ কাষত জুমি আছিল। আজিও কাণৰ কাষত ভাঁহি উঠে- থানাৰ ভেনখন পাৰ হৈ যোৱাৰ লগে লগে নি:স্তদ্ধতা ভাঙি চাৰিটা ঘৰৰ পৰা ওফৰি অহা মহিলা সকলৰ হিয়াভঙা কান্দোনৰ শব্দ। বহু সময়লৈ সেই শব্দই চুবুৰীটো কঁপাই আছিল। তেতিয়া চিআৰপিয়ে খেদি খেদি ধৰা মানে- হয় মৃত্যু, নহয় চিৰদিনলৈ ঘূণীয়া।

আচৰিত কথা হ’ল। মানুহবোৰ ভয়ত পেপুৱা নালাগিল। পিছফালে কাম জোৰদাৰ হ’ল। প্ৰতিৰক্ষাৰ প্ৰস্তুতি। আত্মৰক্ষাৰ সংগ্ৰাম। সন্ধিয়ালৈ বহুত মানুহ আহিল। ভৰত দাস, মুণীন্দ্ৰ মুক্তিয়াৰ আমাৰ আত্মীয়। আন্দোলনৰ নেতা।

বৰচাং খনত বহু যন্ত্ৰপাতি গোট খালে। বাঁহৰতলীত পুতি থবলগীয়া দুই এপদ সামগ্ৰীও আহিল। বাহিৰলৈ ওলালে পুলিছে গুলীয়াব। নোলালে নিশা আক্ৰমণৰ বলি হোৱাৰ আশংকা। সুৰক্ষা দিবলৈ পুলিচ নাহে। খিলঞ্জীয়াক সহায় নকৰিবলৈ ওপৰৰ নিৰ্দেশ আছে।

পাঁচনখন গাঁও। হাহঁচৰা,বৰালীগাঁও, ফুকনটোল, আউনিআটি আৰু লালঘাট। সিপাৰেও সাতখন খিলঞ্জীয়া মানুহৰ গাঁও- বাজিয়াগাঁও, গেৰুৱামুখ, কুৰুৱাবাহী, খাটোৱাল, বকুলতল, সুতাৰগাঁও আৰু লতাবোৱা। বাজিয়াগা‍ঁৱৰ মহন্ত আৰু কাকতি পৰিয়ালক আহোম ৰজাই থাপিছিল। নাতিদূৰৈত গৰুবন্ধা আৰু মোৱামাৰীত খিলঞ্জীয়া মানুৰ পাম। গৰু ম’হৰ খূটি। আমাৰ পৰিয়ালৰো খূটি আছিল গৰুবন্ধাত। আমি ডাঙৰ হোৱালৈকে কাঠৰ ফুলকটা বৈয়াম আছিল। খুটিৰ পৰা পঠোৱা মাখনৰ বৈয়াম। পিছলৈ নিমখ-হালধী থৈছিল। তেতিয়ালৈ সেইবোৰ লোপ পাইছিল।

গেৰুৱামুখৰ খৰঙীচুকত নদাই খৰঙীৰ পৰিয়াল থাকে। শৰাইঘাটত লাচিতৰ সৈতে যুজ দিয়া নদাই খৰঙী। লতাবোৱা আৰু সুতাগাঁৱৰ মাটিৰ তলত কি পোৱা নাই? অসমীয়াক লিপিক স্বতন্ত্ৰ ভাবে প্ৰতিষ্ঠা কৰা ফলিখন সুতাগাঁৱত পোৱা। মূৰ্তি, মৃতশিল্পৰ চানেকি আৰু কিমান জনা নজনা সমল। মূলত: সলা আৰু গুৱাহাটীৰ মাজৰ যুজখন এইখিনি মানুহে যুজিছিল। কেতিয়াও যুজত হৰা নাছিল। মীৰজুমলাই গড়গাঁও দখল কৰিবলৈ আহোতেও জাগিৰ পৰা উত্তৰপাৰলৈ গৈ উত্তৰ পাৰৰ পৰাহে কলিয়াবৰলৈ আহিছিল।

চামগুৰিৰ গাতে লাগি আছে অসমৰ চাইনীজ ৱাল। আজিৰ আমনিৰ কাষত। এই বিশাল গড়টো ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে আছে। উত্তৰপাৰে ভূটানৰ পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ। দক্ষিণত ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা মিকিৰ পাহাৰলৈ। উত্তৰপাৰে এই গড় ইতিহাসত কোনেও ভেদিব পৰা নাছিল। তুৰ্ব্বক গড়ৰ এইপাৰেই ৰণত পৰিছিল। মূলাগাভৰুৱে যুজঁ দিয়া তুৰ্ব্বক।

গ্ৰহৰ শিৱস্থান। এই গড়ৰ দাঁতিত থকা প্ৰাচীনতম মন্দিৰ।

এইহেন যুজাৰুৰ ভূমিত বিদেশীৰ কিৰীলি। কোন সতেৰে হাত সাৱতি বহি থাকিব অসমীয়া। ইতিমধ্যে ভাইটিদাই গেৰিলাৰ ৰূপ লৈছিল। ধনু, কাড়, যাঠি আৰু তৰোৱাল। প্ৰচণ্ড শক্তি। জংঘলৰ আঁৰ লৈ চিআৰপিলৈ কাড় মাৰে। ৰাতি বালি চাপৰিত পহৰা দিয়ে। দিনত কমাৰশালত ব্যাস্ততা।

কাৰ্ফিউৰ মাজতে এদিন চিআৰপিয়ে হঠাৎ গাড়ী ৰখাই খেদি আহিল। বৰালীগাঁৱত। সন্মুখত এখন ওখ চকোৱা। মানুহ এটাটকৈ ওখ। চিআৰপিয়ে ভাবিলে আজি পাই গ’লো। ভাইটিদা নৰ’ল। একেজাপে চকোৱা পাৰ হৈ গ’ল। চিআৰপিয়ে চকোৱা ভাঙে মানলৈ ভাইটিদা বাঁহৰতলী পালেগৈ, যলৈ খেদি যোৱাৰ সাহস নাই। সদায় ৰাতিপুৱা যিবোৰ খবৰ আহে তাৰ ভিতৰত ভাইটিদাৰ সাহসিকতাৰ কাহিনী এটাও থাকে।

শেহতীয়াকৈ ভাইটিদাই এটা সাংঘাটিক কাম কৰিছে। বন্ধ হৈ থকা স্কুল এখনৰ পৰা এন চি চিৰ ইউনিফ’ৰ্মবোৰ লৈ আহিছে। গোবিন্দ আটিৰ ফালে এজাক ল’ৰা গোটাই লৈছে। বাছি বাছি ওখ-পাখ সাহসী চাই।

ৰাতিপুৱাই ট্ৰেইনিং চলে। পিটি। ড্ৰিল।
লেফট-ৰাইট। গিৰিপ-গাৰাপ। কঠোৰ অনুশীলন। চিয়াৰী কাড়, যাঠি তৰোৱাল।

চিআৰপিয়ে ফ্লেগ মাৰ্চ কৰে। ৰাস্তাত। সৰু ল’ৰা ছোৱালী বোৰেও পিচফালে বাৰীৰ মাজেৰে মুকলি কৰা পথত লেফট ৰাইট কৰি ফুৰে।

আবেলিৰ পৰা বহুত মানুহ আহি পিছফালে গোট খালে। আন্দোলন কৰা প্ৰায় সকলো আহিল। পিছফালৰ পৰা বড়ো, ৰাভা, কছাৰী, আদিবাসী আৰু চাহ বাগানৰ লোকসকল আহিল। সিদ্ধান্ত হ’ল- পহৰা দিব লাগিব। তিনিস্থানত পহৰা হ’ব। বৰালীগাঁৱৰ দলঙৰ মুখত, আমাৰ ঘৰৰ সন্মুখৰ মথাউৰিৰ পৰা বালিচাপৰিলৈ আৰু চামগুৰি বজাৰৰ ওচৰৰ দলঙত। বজাৰৰ দলঙৰ দায়িত্ব আউনীআটিৰ জ্যেষ্ঠ নেতা সকলে ল’লে। বড়ো আৰু আদিবাসী সকল চিয়াৰী কাড় আৰু যাঠি লৈ থাকিব। আমাৰ ঘৰৰ সন্মুখৰ পৰা বালিচাপৰিলৈ আমাৰ গাঁৱৰ মানুহ আৰু বৰালীগাঁৱৰ দলঙৰ মুখত হাহচৰা বৰালীগাঁৱৰ পহৰা থাকিব। কিন্তু এইপাৰে থাকিলে কি হ’ব? সিপাৰেও খিলঞ্জীয়াৰ সাতখন ডাঙৰ গাঁও আছে। এইগাঁওকেইখন সংখ্যালঘূৰ গাঁৱৰ কাষতে আছে। তেওঁলোকৰ বিপদ সৰ্বাধিক। মানুহ ক’ম। তালৈ পহৰা দিবলৈ আমাৰ এইপাৰৰ পৰা মানুহ যাব। ৰাতিটো পহৰা দিব। প্ৰয়োজনত যুজ।

কথাবোৰ সেই গাঁওকেইখনতো জনাইছে। আক্ৰমণ হ’ব বুলি তেওঁলোকে বিশ্বাস কৰা নাই। ওচৰা ওচৰিকে যুগ যুগ ধৰি আছে। পুৰণি মানুহবোৰে সকলোৱে সকলোকে চিনি পায়। নতুন মানুহখিনিৰ কথা সুকীয়া। কিন্তু পুৰণি মানুহ খিনিয়ে আক্ৰমণ কৰিলেও বাধা নিদিবনে? পুৰণি মানুহখিনি ভাৰতীয়, খিলঞ্জীয়াৰ গাঁও কেইখনতে কাম বন কৰি খায়। দুখীয়া কেইঘৰে পথাৰত হাজিৰা কৰে; ধনী কেইঘৰৰ আকৌ ধান মাহৰ বেপাৰ এইপাৰে। তেওঁলোকে আক্ৰমণ কৰিবনে? খিলঞ্জীয়া মানুহখিনি গাঁও এৰি নাহে।

সিদ্ধান্ত হ’ল আন্ধাৰ হোৱাৰ পিছতে পহৰা আৰম্ভ হ’ব। সিপাৰলৈ যাবলগা সকল কলং পাৰ হৈ যাব।

কিন্তু ই কি?

সন্ধিয়া লগাৰ আগতেই গাঁৱত আৰম্ভ হ’ল অত্যাচাৰ। পুলিচ চিআৰপিৰ ৰেইড।

থানাত এখন মেটাডৰ আৰু এখন জীপ আছিল। এখন বাছ অধিগ্ৰহন কৰি আনিছে। বাছখন জীবন ভিনদেৱে চলায়। দুতিৰাম গাঁওবুঢ়াৰ জোৱাই। আমাৰ ঘৰৰ দুঘৰ সিফালে অকনমানি বাইদেউহতৰ ঘৰ। জীৱন ভিনদেউ থানালৈ অহাৰ কাৰণে পৰিয়ালটোও গুচি আহিল।

ৰেইড কৰিবলৈ গ’লে হৰ্ণ বজাই বজাই যায়। সংকেত। ল’ৰাবোৰ পলায়। গাড়ীৰ চকা গাঁতত পেলায় দিয়ে। বাট চিনি নাপায় বুলি ঘূৰাই পকাই নিয়ে। কিন্তু সেইদিনা জীৱন ভিনদেউকো নানিলে। য’ত পহৰা দিয়াৰ কথা আছিল তাত পিকেট বহিল। মানুহ যাবও নোৱাৰে, আহিবও নোৱাৰে। এফালৰ পৰা ল’ৰাবোৰ বিচাৰি তাণ্ডৱ চলাইছে। এক আতংকময় পৰিস্থিতিৰ বাবে সকলো পুৰুষ প্ৰাণ লৈ পলাল।

একপ্ৰকাৰ গাওঁখন নজৰবন্দী কৰি ৰাখিছে। কোনেও যাতে ল’ৰচৰ কৰিব নোৱাৰে।

কি উদ্দেশ্য? কি কথা গম পাই আহিছে??

পিছত ৰহস্য উদ্ঘাটন হৈছিল। স্থানীয় এজন কংগ্ৰেছী (ঢুকাল কাৰণে নামটো লিখা নাই) লোকে দিনটোৰ আলোচনাৰ সকলো খবৰ দিছিল। সকলো প্ৰতিৰক্ষা আঁচনিৰ বিষয়ে পুলিচক খবৰ দিছিল।

কিন্ত প্ৰতিৰক্ষাৰ ব্যৱস্থা লোৱাত বাধা দি পুলিচৰ লাভ কি? বৰঞ্চ কিবা হ’লে পুলিচ বিপদতহে পৰিব।

উত্তৰ ওলাইছিল সেই নিশাই। পুলিচে আক্ৰমণকাৰীক ফ্ৰি হেণ্ড দিছিল।

পুলিছে যেতিয়া আমাৰ এলেকাটোৰ ঘেৰাবন্দী প্ৰত্যাহাৰ কৰিছিল, উত্তৰ পাৰৰ আকাশ ৰাঙলী হৈ উঠিছিল। বাজিয়াগা‍ঁৱৰ পৰা বকুলতলৈ জুই জ্বলিছিল। অবাধ হিংসাৰ বলি হৈছিল সাতখন গাঁৱৰ মানুহ। এফালৰ পৰা গাঁওবোৰ জ্বলাই গৈছিল।

পশ্চিম আকাশ ৰাঙলী হৈ পৰিছে। ধোৱাৰ একো একোটা প্ৰকাণ্ড কুণ্ডলী আকাশলৈ উঠিছে। লগতে কুকুহা উৰিছে। স্পষ্ট দেখা যায়। আৰু এক ভয়ংকৰ কোলাহ’ল। শত সহস্ৰ মানুহে একে লগে আৰ্তনাদ কৰাৰ দৰে শব্দ। শ্লুইছগেটৰ দলঙৰে অজস্ৰ মানুহে এইপাৰলৈ ঢপলিয়াইছে। মতা-মাইকী, ল’ৰা-ছোৱালী। শিশু-বৃদ্ধ। কান্দোন। আৰ্তনাদ। কলং ফালি বহু লোকে এইপাৰলৈ ঢপলিয়াইছে। হাতত টোপোলা, কোনোবা শুদা হাতে। কোনোবা কেচুৱা লৈ। কোনোবাই সন্তানক নাপালেই।

বাজিয়াগাঁৱ চলিছিল হত্যালীলা। নামঘৰ জ্বলাই দিছিল। থপনা লণ্ডভণ্ড কৰি ডবাৰ ভিতৰত গৰু মূৰ পেলাই থৈ গৈছিল। লুট কৰি লৈ গৈছিল গৰু ম’হ। ধান-মাহ। সা-সম্পত্তি। খাটোৱালত এগৰাকী মহিলাক নৃশংস ভাবে হত্যা কৰিছিল।

চাৰিওফালে মানুহেই মানুহ। আমাৰ সীমাৰ সিফালে জাতিককাহতঁৰ মাটি। তাৰ সিফালে গাজৰু বুঢ়ীৰ ঘৰ। তাৰ সিফালে শিবৰাম-যদুৰামৰ মাটি। গাজৰু বুঢ়ীৰ ল’ৰা ছোৱালী নাই, গোলাঘাটৰ বেঙেনাখোৱালৈ গুচি গ’ল। এজন আত্মীয়ৰ ঘৰত থাকে। ইয়াত ঘৰ খালী।

এই ঘৰটোৰ চাৰিওফালে অজস্ৰ চালি নিশাটোৰ ভিতৰতে গঢ়ি উঠিল। ঘৰ পোৰা মানুহ। খিলঞ্জীয়া।

গেৰুৱামুখৰ বেছিভাগ মানুহ এই ভেটি কেইটাত বহিছেহি। সৰ্বস্বান্ত। দুই এটা সাহিয়াল মানুহে ৰাতিপুৱা গৈ জ্বলি থকা টিনপাত দুচলামান লৈ আহিছে। আধাপোৰা ধান দুই এদোণ আনি ফালিবলৈ যত্ন কৰিছে। খাবলৈ একো নাই।

আমাৰ সীমাত এশাৰী হৰ্টণ কাইটৰ বেৰা আছিল। ককা হৰনাথ জীয়াই থকাৰ সময়ত ব্ৰিটিছৰ সৈতে বেপাৰ কৰিছিল। এখন ফটো বেৰত ওলোমাই থোৱা আছিল। প্ৰকাণ্ড ওখ মানুহজন চাইকেল এখনৰ সন্মুখত থিয় হৈ আছিল। ধূতি-পাঞ্জাবী পিন্ধা কিন্ত আচৰিত ভাবে মিলিটেৰীৰ নিছিনা বুট পিন্ধি ধুতিৰ তলটো ভিতৰত সোমোৱাই বুটপটি মাৰিছিল। মিলিটেৰী ইউনিফৰ্মত বুটৰ ওপৰত লংপেন্টৰ তলটো ঢাকি এফুটমানৰ এডাল পটি বান্ধে। ককাৰ বুটত মৰাডাল বগা। মিলিটাৰী পুলিচৰ দৰে।

বহুত মানুহে ককাৰ বৰ্ণনা কৰে। শুনোতে-শুনোতে মুখস্থ হৈ গৈছে। এই আভিজাত্য বজাই ৰাখিবলৈকে সাতখন জপনা দিছিল। তেতিয়াই ৰোৱা সীমাৰ হৰ্টণ কাইটে বিন্ধিলে ৰক্ষা নাই।

এই কাইটগছবোৰৰ ভালেমান উভালি বাট উলিয়াই দিয়া হ’ল। কাৰণ তেওঁলোকে আমাৰ দমকলৰ পানী নিব। ভড়াল খুলি ধান উলিয়াই দিলে।

সাধাৰণতে মতা মানুহে ভড়ালৰ পৰা ধান নুলিয়াইছিল। আগতে আইতাই আৰু পিছত মায়ে ধান উলিয়াইছিল। কিন্তু সেইদিনাৰ কথা সুকীয়া। মানুহখিনিৰ খাবলৈ একো নাই।

আমাৰ এবছৰ ধান দুবছৰ গৈছিল। গতিকে কাতি মাহতহে আগৰ বছৰৰ গছি ধান ভড়ালৰ পৰা উলিয়াই মৰণা মাৰে। তাৰ আগলৈকে পুৰণা ধানেই খায় বা বেছে। নতুন ধান নেবেচেও, নাখায়ো।

সেই ভড়াল মুকলি হ’ল।

ধো‍ঁৱাৰ কুণ্ডলীবোৰ আৰু কোলাহলৰ ভয়ানক শব্দটোৱে যেন সকলোকে খেদি আহিছে।

পুলিচে খিলঞ্জীয়াক সহায় নকৰে। প্ৰতিশোধ। আন্দোলন কৰাৰ। বশ্যতা স্বীকাৰ নকৰাৰ। নিৰ্বাচন বৰ্জন কৰাৰ প্ৰতিশোধ। নিৰ্বাচন পাতিবলৈ হ’লে এইখিনি মানুহক বশ কৰাবই লাগিব।

পিছদিনাও চলিছিল আক্ৰমণ। মূহুৰ্ততে উত্তৰ পাৰৰ খিলঞ্জীয়াৰ গাঁও সমূহ ধ্বংসস্তুপত পৰিণত হৈছিল। এইপাৰৰ মানুহবোৰে যান্ত্ৰণাত চটফটাইছিল। বহুত ল’ৰা আগবাঢ়ি গৈছিল সহায় কৰিবলৈ। পিছদিনা যেতিয়া উভটিছিল-কোনোবা ৰাঙলী, কোনোবা ছাঁই-এঙাৰেৰে ক’লা হৈ আহিছিল। যুঁজিছিল। কিন্তু ৰক্ষা কৰিব নোৱাৰিলে।

হাজাৰ হাজাৰ মানুহে এইপাৰে আশ্ৰয় লৈছিল। আমাৰ নামঘৰত আছিল বাজিয়াগাঁৱৰ মানুহ। পুৰণিগুদামৰ পৰা চামগুৰিলৈ উত্তৰ পাৰৰ মানুহ বোৰে দুৱাৰ খুলি দিছিল, ভড়াল খুলি দিছিল।

প্ৰথমে প্ৰশাসনে ৰিলিফ দিবলৈও অস্বীকাৰ কৰিছিল।

পিছদিনাই বাজপেয়ী আহিছিল। ফাৰ্ণাণ্ডেজ আহিছিল।

সাংবাদিক প্ৰণব বৰা দাদা আমাৰ ঘৰলৈ আহিছিল। পিছলৈ সেই প্ৰণবদা মোৰ সাংবাদিকতাৰ দিকদৰ্শক হৈছিল। ডাঙৰ হৈ প্ৰণবদাৰ ফটো দেখিছিলো-বাজিয়াগা‍ঁও নামঘৰৰ। লতাবোৱাৰ। কৰৈয়নীৰ। বাজপেয়ীৰ।

এনেকুৱা এটা ঘৰপোৰা পৰিয়ালৰ পৰা এটা জুইত পোৰা পঞ্চাশ পয়চাৰ মুদ্ৰা তুলি আনিছিলো। যিটো মুদ্ৰাক লৈয়ে পৰবৰ্তী জীৱনৰ উঠা নমাবোৰ নিৰ্ণিত হৈছিল। সেয়া আন এক অধ্যায়।

Related Articles

Leave a Reply

Close