অসম

দুধনৈত গ্ৰামীণ জীবিকা অভিযানৰ উদ্যোগত অভিলাস হ্যাচাৰীৰ নতুন খাদ্য সংস্কৃতিৰ শুভাৰম্ভণী

প্ৰথম খবৰ,দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী,২০ ফেব্ৰুৱাৰী :- গোৱালপাৰা জিলাৰ দুধনৈ জনমন্দিৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ভাৰতৰ জনসাধাৰণৰ বাবে সহজে উপলব্ধ হোৱা এটি নতুন খাদ্য-সংস্কৃতিৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত অভিলাস হ্যাচাৰী নামৰ এটা সংস্থাই, নিৰোগী বি-ভি ৩৮০ শ্ৰেণীৰ কুকুৰাৰ মঙহ আৰু কণী উৎপাদনৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ী, বিশেষ ভাবে মহিলা সকলক কম বিনিয়োগতে কৰিব পৰা এটা দীৰ্ঘস্থায়ী ব্যৱসায়ৰ সোণালী সুযোগ আনি দিছে। অভিলাস হ্যাচাৰী নামৰ সংস্থাটোৱে বৃহৎ পৰিমানৰ কণী উৎপাদন কৰিব পৰা পাঁচমহীয়া ৬ৰ পৰা ১২০ বি-ভি ৩৮০ কুকুৰাৰ লগতে বেটাৰী যুক্ত এ-বি-এছ গৰাঁল বিতৰণ কৰা অনুষ্ঠানৰ বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভ কৰে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই। শুভাৰম্ভ অনুষ্ঠানৰ পিচতেই জীৱিকা সখী সকলৰ দ্বাৰা সমৱেত সংগীত পৰিবেশন কৰা হয়। শুভাৰম্ভ অনুষ্ঠানৰ জৰিয়তে কুশধোৱা উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৫০ টা মহিলা আত্মসহায়ক গোটৰ ৫০ গৰাকী সদস্যাক উন্নত পদ্ধতিৰ কুকুৰাৰ “এ বি এছ” গৰাঁল আনুষ্ঠানিক ভাবে ভাৱে বিতৰণ কৰি কুকুৰাৰ মঙহ আৰু কণী উৎপাদনৰ জৰিয়তে অভিলাস হ্যাচাৰীয়ে বিশেষকৈ আত্মসহায়ক গোটৰ জৰিয়তে গ্ৰাম্য মহিলা সকলক সবলীকৰণ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই মহিলা আত্ম সহায়ক গোট সমুহৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানে এই উদ্যোগ গ্ৰহণ কৰিছে। গোৱালপাৰা জিলাত প্ৰথম বাৰৰ বাবে কুশধোৱা ব্লকৰ অন্তৰ্গত আত্মসহায়ক গোট সমুহলৈ অভিলাস হ্যাচাৰীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ জৰিয়তে এই পদক্ষেপ গ্ৰহণ কৰে। জৈৱিক গুণেৰে পৰিপুষ্ট আৰু অনিষ্টকাৰী হ’ৰমন সংযুক্ত নকৰা নিৰোগী বি ভি ৩৮০ শ্ৰেণীৰ কুকুৰা পালনৰ জৰিয়তে পুষ্টিকৰ মঙহ আৰু প্ৰটিনযুক্ত কণী উৎপাদন কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও এখন নিৰোগী সমাজ গঢি তুলিব পাৰিব। অভিলাস হ্যাচাৰীয়ে ইচ্ছুক ব্যক্তি অথবা আত্মসহায়ক গোট সমুহক এই ব্যবসায় আৰম্ভ কৰাৰ বাবে কুশধোৱা ব্লকৰ লগত নতুবা ০৯৮১০০০০২৩৬ নং মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে বুলি সংবাদ মাধ্যমৰ আগত কয়।অসম ৰাজ্যিক জীবিকা অভিযানৰ অধীনষ্ঠ খণ্ড উন্নয়ন সমন্বয়ক বিপুল বায়নে আঁত ধৰা অনুষ্ঠানত স্থানীয় বি়ধায়ক গৰাকীৰ উপৰিও কুশধোৱা খণ্ড অভিযান প্ৰৱন্ধক জয়ন্ত বড়ো, জিলা প্ৰকল্প বিষয়া মুচাৰফ হুচেইন চৌধুৰী,অভিলাস হ্যাচাৰীৰ সঞ্চালক বিজু চিবাচপান,প্ৰকল্প সঞ্চালক ৰাতুল কলিতা, দুধনৈ ব্যবসায়ী সন্থাৰ সম্পাদক তৰুণ দে, এম এচ পি ডি সঞ্চালক দেৱব্ৰত শৰ্মা দুধনৈ পশু চিকিৎসক উৎপল দাস উপস্থিত থাকি এই জাতীয় কুকুৰা পালনৰ লগতে উৎপাদন আৰু ব্যবসায় সম্পৰ্কত বিতং ভাবে ব্যখ্যা আগবঢ়ায়। এই ব্যক্তি সকলৰ
উপৰিও , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া, অভিলাসা হ্যাচাৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বহু সংখ্যক আত্ম সহায়ক গোট উপস্থিত থাকে।

Related Articles

Leave a Reply

Close