অসমশীৰ্ষৰাষ্ট্ৰীয়

বাংগালুৰুত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰী একেলগে


প্ৰথম খবৰ ব্যুৰ’:
তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনি শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমবেত হৈছে বাংগালুৰুত৷ বিশেষকৈ বাংগালুৰুত স্থায়ীভাৱে বাস কৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠিত কৰা প্ৰাক্তন ছাত্ৰ সমাৰোহত ভাগ লৈছে বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে। এই সমাৰোহৰ লগত সংগতি ৰাখি বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ স্বাৰ্থত অনুষ্ঠিত হৈছে কৰ্পৰেট মিট। যত অংশগ্ৰহণ কৰিছে দেশৰ আগশাৰীৰ কুৰিটাৰো অধিক তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান আৰু কৰ্পৰেট হাউচৰ প্ৰতিনিধিয়ে। উচ্চ শিক্ষাৰ পিছত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে যাতে চাকৰিৰ বাবে হাহাকাৰ কৰিব লগা নহয় তাৰবাবেই এই প্ৰয়াস লৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে।এই বৈঠকৰ পিছতেই অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে গঢ়ি তোলা হব এক নিয়োগ কেন্দ্ৰিক সম্পৰ্ক৷ এই অনুষ্ঠীনটোত অংশগ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনৰ প্ৰতি উপাচাৰ্য দিলীপ কুমাৰ শইকীয়া আৰু অধ্যাপক নয়নমণি কাকতিয়ে৷ এদিনী‍য়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰীতি সন্মিলনত নিশা সাংস্কৃতিক কাৰ্যসূচীতো ভাগ লয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে৷

Related Articles

Leave a Reply

Close