অসমশীৰ্ষৰাষ্ট্ৰীয়

বিজয় মালিয়াৰ দেশলৈ প্ৰত্যাৰ্পণত সন্মতি ব্ৰিটেইনৰ

<img src="https://prathamkhabar.com/wp-content/uploads/2018/05/vijay-mallya-pratham-khabar-300×169.jpg" alt="" width="300" height="169" class="alignnone size-medium wp-image-60576" /

প্ৰথম খবৰ ব্যুৰ': অৱশেষত সুৰা সম্ৰাট বিজয় মালিয়াৰ প্ৰত্যাৰ্পণত সন্মতি দিলে ব্ৰিটেইন চৰকাৰে৷ 9000 কোটিটকীয়া বিত্তীয় খেলিমেলিক লৈ ব্ৰিটেইনত আশ্ৰয় লৈ থকা মালিয়াৰ প্ৰত্যাৰ্পণৰ বাবে ব্ৰিটেইনৰ গৃহ সচিব চাজিদ জাভিদে ফাইলত চহী কৰিছে৷ অৱশ্যে মালিয়াই উচ্চ আদালতত আপত্তি দৰ্শোৱাৰ বাবে চৈধ্য দিনৰ বিশেষ সময় লাভ কৰিব৷ মালিয়াৰ প্ৰত্যাৰ্পণৰ বাবে অৱশ্যে তথাপিও কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি দাবী কৰিছে বিশিষ্ট আইনজীৱীসকলে৷ 62 বছৰীয়া মালিয়াৰ বিৰুদ্ধে FEMA উলংঘন, বিত্তীয় খেলিমেলি আৰু বেংকৰ ধন আত্মসাতকে ধৰি কেইবাটাও অভিযোগ আছে৷ মালিয়াৰ প্ৰত্যাৰ্পণৰ সন্মতিক এক গুৰুত্বপূৰ্ণ ঘটনা আখ্যা দি টুইটযোগে প্ৰতিক্ৰিয়া দিছে অৰুণ জেটলীয়ে৷

Related Articles

Leave a Reply

Close