অসম
ভূটান সীমান্তৰ টেংকীবস্তিত স্ত্ৰী শিক্ষা সম্পৰ্কীয় সভা

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি :- ভাৰত চৰকাৰৰ সূচনা আৰু প্ৰচাৰ মন্ৰণালয়ৰ সৌজন্যত তথা ৩৭ নং SSB ৰ সহযোগত টেংকিবস্তিস্হিত সুভাষ বড়ো মেমৰিয়েল হাই স্কুল খেল পথাৰত আয়োজন কৰা স্বচ্ছ ভাৰত মিছন আৰু স্ত্রী শিক্ষা প্ৰসাৰৰ বেটি পঢ়াও বেটি বচাও শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হ’য় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্র ছাত্রী, সমোহ গাও বাসী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তি সকল। সমাৰোহত সভাপতিত্ব কৰে টেংকিবস্তি VCDCৰ চেয়াৰমেন শ্ৰী নৰেণ বড়োৱে। অনুষ্ঠানত স্বচ্ছতাৰ বাবে গুৱাহাটীৰ পৰা আমন্ত্রিত এখন সুন্দৰ নাট প্ৰদৰ্শন কৰা হয় লগতে ছাত্র ছাত্রীৰ নৃত্য পৰিৱেশন কৰা হয়।