অসম

সন্ত্ৰাসবাদী কাৰ্যকলাপক ফেচবুকত “Well Done”মন্তব্য দি দুধনৈ আৰক্ষীৰ জালত দুধনৈ শিমলীতোলাৰ যুৱক

প্ৰথম খবৰ,দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী ,১৮ ফেব্ৰুৱাৰী
:- কাশ্মীৰত পাকিস্তানী মদতপুষ্ট উগ্ৰপন্থী সংগঠন “জ্বইছ ঈ মহম্মদৰ” আত্মঘাতী বোমাৰুৱে ভাৰত ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে নিয়োজিত ৪৪ গৰাকী চি আৰ পি এফ বাহিনীৰ জোৱানক নৃশংসভাবে হত্যা হত্যা কৰা ঘটনাই দেশবাসীৰ লগতে সমগ্ৰ বিশ্বক শোকাকুল কৰি ৰখাৰ সময়তে আন এক দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হৈছে গোৱালপাৰা জিলাৰ শিমলীতোলাত ৷ যোৱা ১৪ ফেব্ৰূৱাৰীৰ দিনাখন কাশ্মীৰৰ পুলৱামাত আত্মঘাতী বোমাৰু আদিল ডৰ নামৰ কাশ্মিৰী যুৱক জনে চি আৰ পি এফৰ ৪৪ জনকৈ লোকক হত্যা কৰিছিল আৰু সেই আত্মঘাতী দেশদ্ৰোহী জনৰ ফেছবুক একাউণ্টত এই ঘটনাৰ বাবে গোৱালপাৰাৰ শিমলীতোলাৰ চাহিনুৰ ইছলাম (২১) নামৰ যুৱকে জনে “WELL DONE” বুলি কমেন্ট দিছিল ৷ তাৰ পিছতে এই কমেন্টটো সমগ্ৰ অসমৰ লগতে বাহিৰতো ভাইৰেল হৈ পৰিছিল ৷ তাৰ পিছতে এই কমেন্টটো প্ৰত্যক্ষ কৰি দুধনৈৰ এজন সচেতন যুৱক ডেভিদ বসুমতাৰীয়ে দুধনৈ থানাত চাহিনুৰ ইছলামৰ বিৰূদ্ধে এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত দুধনৈ আৰক্ষীয়ে আজি যুৱক জনক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ বিশ্বক শংকিত কৰা এনে ধৰণৰ ঘটনাক উদগণি দি প্ৰৰোচনা মুলক মন্তব্য কৰা যুৱক জনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায় স্থানীয় যুৱক ডেভিদ বসুমতাৰীয়ে। দুধনৈ আৰক্ষীয়ে ঘটনা সম্পৰ্কত চাহিনুৰ ইছলামক জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close