অসমশীৰ্ষ

ওদালগুৰিত হাগ্ৰামাৰ আধাৰশিলাৰ জোৱাৰ, ভৈৰৱকুন্দ হাইড্ৰ’ প্ৰজেক্ট ব্যক্তিগতকৰণৰ ঘোষণা

গুনজিত দাস,ওদালগুৰি:ওদালগুৰি জিলাৰ ভৈৰৱকুন্দৰ লুপ্তপ্ৰায় হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট অৱশেষত ব্যক্তিগত খণ্ডৰ ওচৰত অৰ্পনৰ সিদ্ধান্ত গ্ৰহন কৰিলে বিটিচি প্ৰশাসনে।আজি ওদালগুৰিত এই কথা ঘোষণা কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

যোৱা ২ মাৰ্চত ওদালগুৰিত নাগৰিক সভাৰ লগতে কেবাটাও অনুষ্ঠান ত অংশগ্ৰহণ কৰাৰ পিছত পুনৰ ওদালগুৰিত উপস্থিত হয় বিটিটি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ৰাতিপূৱা দহ বজাত ওদালগুৰি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যলয় ভৱন মুকলি কৰাৰ পিছতে ওদালগুৰি গড়কাপ্তানী বিভাগৰ কাৰ্যলয় ভৱন আৰু ওদালগুৰি জিলাৰ চৰকাৰী কাৰ্যলয় সমুহৰ কেন্দ্ৰীয় ভৱন(district center)ৰ আধাৰ শিলা স্থাপন কৰে।

উক্ত কাৰ্যালয় ভৱনটোৰ আধাৰশিলা স্থাপন কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ওদালগুৰিৰ লগতে সমগ্ৰ বিটিচিকে আৰুঅধিক আগবঢ়াই নিয়াৰ কথা ঘোষনা কৰে। সম্প্ৰতি বিটিচিত শান্তি সম্প্ৰতি অটুত থকাৰ কথা উল্লেখ কৰি বি টিচিত বিনিয়োগৰ বাবে বাহিৰা কোম্পেনী মন মেলা বুলি তেওঁ সভাত সদৰি কৰে।

আনহাতে সুদীৰ্ঘ বছৰ ধৰি ধংসপ্ৰায় অৱস্থাত থকা ভৈৰৱকুন্দ হাইড্ৰো প্ৰজেক্টটো পুনৰ সক্ৰিয় কৰাৰ বাবে বাহিৰা কোম্পানীক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি বিটিচি প্ৰধান মহিলাৰীয়ে সাংবাদিকৰ ওচৰত প্ৰকাশ কৰে ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লোকসভা নিৰ্বাচনৰ বাবে বিপিএফৰ প্ৰাৰ্থী অহা ৯ মাৰ্চত ঘোষণা কৰিব বুলি মহিলাৰীয়ে মন্তব্য কৰে।

প্ৰাৰ্থী কোন হ’ব সেই সন্দৰ্ভত মহিলাৰীয়ে মুখ খোলাৰ পৰা বিৰত থাকে যদিও কোকৰাঝাৰ লোকসভাত প্ৰবীণ বড়োক বিপিএফে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে।

Related Articles

Leave a Reply

Close