অসম

নিকা পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতি আশাবাদী বিধায়িকা আঙুৰলতা, দুৰ্নীতিৰ তথ্য দিলে নগদ পুৰস্কাৰ!

মানস জ্যোতি মহন্ত, প্ৰথম খবৰ, জাজৰি: সমষ্টি তথা ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থ আগত ৰাখি ক্ৰমাৎ যেন তৎপৰতা বৃদ্ধি পাইছে,বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ। উল্লেখ্য যে, দলংঘাট ব্লকৰ নৱনিযুক্ত খণ্ড উন্নয়ন বিষয়া সন্মানীয়া মণিতা ৰংহাঙৰ দ্বাৰা আহ্বান কৰা, তথা দলংঘাট আঞ্চলিক পঞ্চায়তৰ সভানেত্রী কল্পনা বৰাৰ সভাপতিত্বত আয়োজিত এখনি সম্বৰ্ধনা সভাত দলংঘাট মণ্ডলৰ অন্তৰ্গত পঞ্চায়ত সমূহৰ নৱনিৰ্বাচিত প্ৰতিনিধি আৰু জিলা পৰিষদৰ সদস্য সকলক সম্বৰ্ধনা জনোৱা হয়।

সভাত উপস্থিত থাকি বিধায়িকা আঙুৰলতা ডেকাই সকলো প্ৰতিনিধিক শুভেচ্ছা প্ৰদান কৰাৰ লগতে দলীয় স্বাৰ্থ পৰিহাৰ কৰি অনাগত দিনত পঞ্চায়ত সমূহৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে প্ৰতিনিধিসকলক ৰাইজৰ মাজত সোমাই উন্নয়নৰ দিশত স্বচ্ছ আৰু নিকাভাৱে ক্ৰমাৎ ধাৱমান হ’বলৈ আহ্বান জনায়।

বিধায়িকাগৰাকীয়ে লগতে উল্লেখ কৰে যে,উন্নয়নৰ স্বাৰ্থত কোনো ধৰণৰেই আপোচ কৰা নহ’ব। অঞ্চলসমূহৰ গাঁৱে ভূঞে কাম কৰিবলৈ যোৱাত যদিহে কোনো ক্ষেত্ৰত কোনোৱে দুৰ্নীতিৰ আশ্ৰয় লয়, তেনেহ’লে তেওঁক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ তেখেত বদ্ধপৰিকৰ।তদুপৰি,উৎকোচ দিয়া-লোৱা আদি ধৰণৰ দুৰ্নীতিৰ তথ্য প্ৰমাণ সহকাৰে প্ৰদান কৰিব পৰা জনক নিজাববীয়াকৈ ২৫০০০/- টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰিব বুলিও ভাষণ প্ৰসংগত বিধায়িকা গৰাকীয়ে উল্লেখ কৰে।
দলংঘাট ব্লকত খণ্ড উন্নয়ন বিষয়া মহোদয়াৰ দ্বাৰা আহ্বান কৰা উক্ত সম্বৰ্ধনা সভাত ব্লকৰ সমূহ কার্যকৰ্তা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close