অসম

বগৰিবাৰীত ডি, এল, এট, পৰীক্ষাৰ্থীক হৰি লূট

প্ৰথম খবৰ-বগৰিবাৰী: ২৩ মাৰ্চ ।দৰাচলতে শিক্ষামন্ত্ৰীয়ে ডি, এল, এট, পৰীক্ষাৰ নামত বিভাগটোৰ উৰ্ধতম কৰ্তৃপক্ষকৰ সৈতে পৰীক্ষা কেন্দ্ৰ পৰিচালক আৰু অধ্যক্ষ্য সকলক অবৈধ ধন সংগ্ৰহৰ পথ সুগম কৰি দিয়ে ।উদাহৰণ স্বৰূপে বিলাসীপাৰা শিক্ষাখন্ডৰ অন্তৰ্গত আমবাৰী জীৱণ জ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত ডি, এল, এট, পৰীক্ষা কেন্দ্ৰৰ অধ্যক্ষ’ই পৰীক্ষাৰ্থীৰ পৰা ২৫/৩০, হাজাৰ কৈ টকা পৰীক্ষাৰ ফিচ, লয় যদিও পৰীক্ষাৰ্থীক উক্ত ধনৰ ৰিচিভ্ট, নিদিয়াত পৰীক্ষাৰ্থীয়ে, প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এনেধৰে উৰ্ধতম কৰ্তৃপক্ষক উপঢৌকণ দিয়াৰ ছলেৰে অধ্যক্ষ্যজনে প্ৰায় কোটি টকা সংগ্ৰহ কৰে বূলি পৰীক্ষাৰ্থীৰ সৈতে সচেতন অবিভাৱক ৰাইজে ধাৰণা কৰিছে । উল্লেখ্য যে, প্ৰতিজন পৰীক্ষাৰ্থীৰ বিপৰীতে চৰকাৰক আদায় দিয়া ফিচৰ পৰিমান কিমান ? আৰু পৰ্যায় ক্ৰমে পৰীক্ষাৰ্থীৰ সংখ্যা, আদি কৰি বিতং তথ্য বিচাৰি ধুবৰীৰ এগৰাকী সংবাদিকে মূখ্য কাৰ্যালয়ত আবেদনৰ প্ৰস্ত্ততি চলাইছে । লগতে পৰীক্ষাকেন্দ্ৰটোত সংঘটিত দুৰ্নীতিৰ বিৰূদ্বে বৌদ্বিক মহলে ন্যয়ীক তদন্তৰ দাবী জনাইছে ।

Related Articles

Leave a Reply

Close