অসম

মালিকুছি শ্যামৰাই সত্ৰৰ দৌল উৎসৱৰ সামৰণি

প্ৰাঞ্জল শৰ্মা ,প্ৰথম খবৰ
নলবাৰী , ২৪ মাৰ্চ– সমগ্ৰ ভাৰতবৰ্ষৰ বৈষ্ণৱ পন্থত দৌল উৎসৱৰ স্থান আৰু সমাদৰ অপৰিসীম। বিষ্ণুৰ সেৱকসকলে পৰম্পৰাগতভাৱে সত্ৰসমূহত দৌল উদযাপন কৰি আহিছে। দৌল উৎসৱসমূহত ধৰ্মীয় তাৎপৰ্যৰ উপৰি সামাজিক তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ । এনে পৰম্পৰাৰ আঁত ধৰিয়ে নামনি অসমৰ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত মালিকুছি  শ্ৰীশ্ৰীশ্যামৰাই সত্ৰত অনুষ্ঠিত ৬৯ সংখ্যক দৌল উৎসৱৰ কালি নিশা বাঁহ বন্ধা কাৰ্যসূচীৰে সামৰণি পেলোৱা হয়। বিগত ১৯ মাৰ্চৰ পৰা পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত দৌল উৎসৱৰ সামৰণী কাৰ্যসূচী হিচাপে মহাপ্ৰভুৰ বিগ্ৰহ লৈ কালি সন্ধিয়াৰ পৰা অগণন পুৰুষ মহিলা ভক্তই ফাকুৱাৰ ৰঙেৰে ৰঙীয়াল হৈ নগৰ পৰিভ্ৰমণ কৰে। পৰিভ্ৰমণৰ কালত বিভিন্ন পৰিয়ালে মহাপ্ৰভুৰ বিগ্ৰহ নিজৰ ঘৰলৈ নিয়া দেখা যায়। সমস্ত পথৰ ওপৰেৰে কৃষ্ণ বন্দনাৰে মুখৰিত কৰি মহাপ্ৰভুক পুৰণি মন্দিৰত স্থাপনৰ বাবে নিশা এঘাৰ বজাত সত্ৰ প্ৰাংগনত উপস্থিত হয় ভক্তগন। পৰম্পৰা অনুযায়ী ঘুনুচাৰ বাৰীত বঞ্চি অহা ভ্ৰমৰ প্ৰেমিক কৃষ্ণ গোসাঁইক লক্ষ্মী আই সদৃশ একাংশ ভক্তই বাট এৰি দিয়া নাই। লক্ষ্মী আইৰ সমব্যথী ভক্তসকলে প্ৰতীকী আকাৰত বাঁহৰ হেঙাৰ বান্ধিছে শ্যামৰাই সত্ৰ প্ৰাংগণত নিশা সমবেত একাংশ ভক্তই। দুয়ো পক্ষৰ মাজত চলে বাদ বিবাদ । অৱশেষত জগন্নাথ কৃষ্ণৰ জয় হয় আৰু ভক্তসকলৰ পৰম আনন্দ মিলিল । ইয়াৰ পিচত নিয়ম অনুযায়ী মহাপ্ৰভুৰ বিগ্ৰহ স্থায়ী মন্দিৰত স্থাপন কৰি দৌলৰ কাৰ্যসূচীৰ সমাপ্ত কৰা হয়। উল্লেখযোগ্য যে উক্ত উৎসৱৰ আৰম্ভণি দিনৰ পুৱা ৮ বজাত মন্দিৰৰ পতাকা উত্তোলন কৰে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ বৰ্মনে। ইয়াৰ পিচত দৌল উৎসৱৰ পতাকা উত্তোলন, স্মৃতিচাৰণ , গছপুলি ৰোপন, স্বচ্ছ অভিযান আৰম্ভ হয়। প্ৰথমদিনা আবেলি মূল মণ্ডপৰ বন্তি প্ৰজ্বলন কৰাৰ পিচতে সন্ধিয়া ৬ বজাত দৌল উৎসৱৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট সমাজ কৰ্মী, নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউট ৰ পৰিচালন সঞ্চালক গণেশ তামূলীয়ে। ইয়াৰ পিচত ভাৰতীয় ছহিদ বীৰ সেনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী ৰূপায়ণ হয়। উৎসৱৰ কেইদিন মহিলাৰ নাগাৰা নাম, “আমাৰ প্ৰশ্ন ৰাইজৰ উত্তৰ”, হোম যজ্ঞ, ভোগ বিতৰণ, ওজাপালি আৰু ঢুলীয়া প্ৰদৰ্শন , আয়তীৰ নাম, কৃষ্ণ প্ৰতিযোগিতা, দিহা নাম প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, নাট্যাভিনয় আদি কাৰ্যসূচী ৰূপায়ণ হয়। ২২ মাৰ্চৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে থাকে আৰোহণ বৰদলৈ, ৰতন কুমাৰ, হৃষীকেশ শৰ্মা, ৰূপ নিয়ৰ, হেমন্ত বৰ্মন আৰু শিৱম কলা কেন্দ্ৰৰ নৃত্য ।।

Related Articles

Leave a Reply

Close