অসমবিনোদনশীৰ্ষ

মৰাণসকলৰ ৰাতি বিহুৰ পৰম্পৰা

প্ৰথম খবৰ, কাকপথাৰ 23 এপ্ৰিল: ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিকৈ পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে। ৰাতি বিহু হ’ল- গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু। প্ৰকৃতিৰ নিৰিবিলি পৰিবেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচ য’ত বিহুৰ প্ৰকৃত নিভাঁজ ৰূপটো পৰিস্ফুট হয়। এই বিহুৰ গীত-মাতবোৰ মাৰ্জিত। নাচোন-ভঙ্গীত শালীনতাবোধ আছে। বিহুমেলাখন কেৱল ৰং-ৰহইচৰ থলীয়েই নহয়, ই ডেকা-গাভৰুৰ মহামিলনৰ থলী বুলি কব পাৰি। মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত বিহু সংস্কৃতি “ৰাতি বিহু” ৰাজহুৱাভাৱে কাকপথাৰ সৰুমেছাই গাওঁ ৰাজহুৱা খেলপথাৰত উদযাপন কৰে ৷

Related Articles

Leave a Reply

Close