অসমশীৰ্ষ

বিনাপ্ৰতিদন্দ্বিতাৰে নিৰ্বাচিত হ’ব কামাখ্যা তাছা- বীৰেন বৈশ্য

মঙলবাৰে অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন। একপ্ৰকাৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱাতো নিশ্চিত হৈছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু অগপ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। বিৰোধীৰ হাতত নাই এখন আসনত প্ৰাৰ্থী জিকাবৰ বাবে প্ৰয়োজনীয় প্ৰথম পচন্দ ৪৩ টা ভোট নথকাত প্ৰাৰ্থী দিয়াৰ কোনো কুচকাৱাজ চলোৱা নাই কংগ্ৰেছ এআইইউডিএফে৷ কাজেই নিৰ্বাচন অবিহনেই ৰাজ্যসভালৈ যাব তাছা আৰু বৈশ্য৷ উল্লেখ্য যে, শান্তিয়াজ কুজুৰ আৰু ড: মনমোহন সিঙৰ আসন দুখন খালী হোৱাত দুখন আসনক লৈ আৰম্ভ হোৱা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ মঙলবাৰে অন্তিম দিন৷

Related Articles

Leave a Reply

Close