শীৰ্ষৰাষ্ট্ৰীয়

সকলোৰে মাজত অন্তৰ্লীন হৈ আছে যোগ আৰু যোগত অন্তৰ্লীন সকলো: মোদী

হিমাশ্ৰী কলিতা, প্ৰথম খবৰ: পাঁচ বছৰ সম্পূৰ্ণ কৰিলে বিশ্ব যোগ দিৱসে। ২০১৫ চনৰ ২১ জুনৰ পৰা প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি প্ৰায় ৩০,০০০ লোকে প্ৰথমবাৰৰ কাৰনে নতুন দিল্লীৰ ৰাজপথত অংশগ্ৰহণ কৰিছিল। বিশ্বৰ ১৭০খনৰো অধিক দেশে এই দিৱসত যোগদান কৰে। এই দিৱসত অংশগ্ৰহণ কৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰথমবাৰৰ কাৰণে নতুন দিল্লীৰ ৰাজপথত অংশগ্ৰহণ কৰিছিল। বিশ্বৰ ১৭০খনৰো অধিক দেশে এই দিৱসত যোগদান কৰে। এই দিৱসত অংশগ্ৰহণ কৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ ৰাঁচীত অনুষ্ঠিত কৰা পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰা দেখা গৈছে। তেখেতে ভাষনত কয় যে, ‘‘মই বৰ্তমান আছোঁ ৰাঁচী চহৰত আৰু ইয়াত সেউজীয়া পৰিৱেশ এটা আছে আৰু এইটোৱেই যোগ আৰু পৰিৱেশৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তুলিছে। যোগ সকলোৰে মাজত অন্তৰ্লীন হৈ আছে আৰু সকলোৱে যোগৰ মাজত অন্তৰ্লীন হৈ আছে।’’

এইবাৰৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু হ’ল জলবায়ুৰ প্ৰভাৱ। এই বিষয়বস্তুৰ সৈতে সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰো বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত কৰা এই যোগ দিৱসত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ড° হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য লোক।

Related Articles

Leave a Reply

Close