অসম

অসম ৰাজ্যিক পৰিবহন নিগম শিৱসাগৰৰ বাছ অৱস্থানত মৰণফান্দ সদৃক্ষ গাত

প্ৰথম খবৰ , শিৱসাগৰ , ২৩ জুলাই : অসমৰ ভিতৰত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ শিৱসাগৰ কাৰ্যালয়ৰ বাছ অৱস্থানত বৃহৎ বৃহৎ গাতৰ বাবে যি কোনো সময়তে ভয়ংকৰ দূৰ্ঘটনা হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে। বাছ অৱস্থানটোৰ গাড়ী ৰখোৱা মজিয়া খনত সম্প্ৰতি বৃহৎ বৃহৎ দ’ গাঁতৰ সৃষ্টি হোৱাৰ লগতে ভিতৰৰ ৰদ ওলাই গৈছে। যাৰ বাবে এজাক কিনকিনিয়া বৰষুণতে গাঁত বোৰত একাঁঠু পৰ্যন্ত পানী হোৱাত যাত্ৰী সকলৰ মাজত সমস্যাৰ সৃষ্টি হৈছে। দ’ গাঁতত পৰি ইতিমধ্যে বহু যাত্ৰী আঘাত হবলগীয়া হৈছে। বাছ অৱস্থানটোৰ হস্পিতেল ৰোডৰ ফালে থকা প্ৰৱেশ দ্বাৰত এই বৃহৎ বৃহৎ গাঁতে যাত্ৰীৰ লগতে বাহন সমুহৰ পাৰ্কিঙৰ সময়তো অৱস্থানটোত ব্যপক সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহন নিগম বিভাগটোৰ অধীনত অ’এনজিচিত বহুসংখ্যক গাড়ী চলি আছে আৰু অ’এনজিচিৰ পৰা মাহে বৃহৎ পৰিমাণৰ ধন লাভ কৰি আহিছে বিভাগটোৱে। ইয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কি কাৰণত দ’ দ’ গাঁত সমুহ মেৰামতি কৰিব পৰা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। অসমৰ ভিতৰত সবাতোতকৈ বেছি ৰাজহ শিৱসাগৰৰ পৰিবহন বিভাগৰ পৰাই আহৰণ কৰা হয়।ইফালে কুম্ভকৰ্ণৰ নিদ্ৰাত থকা বিভাগটোৰ শীৰ্ষ বিষয়া কৰ্মচাৰীয়ে এই সমুহ গাঁত পুণৰ মেৰামতি কৰিবলৈ আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অতিসীঘ্ৰে এই সমুহ গাঁত মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close