নিবন্ধসাহিত্য

একপক্ষীয় প্ৰেম

হিমাশ্ৰী কলিতা

প্ৰেম হৈছে এক স্বৰ্গীয় তথা মধুৰ অনুভূতি। প্ৰেমৰ সেই স্বৰ্গীয় অনুভূতিৰ তুলনা কৰিবলৈ কোনো অন্য শব্দ তথা কোনো অন্য অনুভূতি এই বহল পৃথিৱীত নাই। প্ৰেমৰ অৰ্থই মিঠা। কোনো বিখ্যাত কবিৰ কলমেৰে নিগৰি আহিছিল যে,”প্ৰেমত ফুলে শতদল প্ৰেমত ঘূৰে ভূমণ্ডল।” সঁচাকৈয়ে প্ৰেমৰ অনুভূতিয়েই অতি সুকীয়া। প্ৰেমে কাৰো বাধা নেমানে। বহুতেই কয় যে প্ৰেম কৰিলে ভয়ৰ কোনো দৰকাৰ নাই কিয়নো যদিহে সেয়া সঁচা হয় তেতিয়াহ’লে ভয়ৰ কোনো প্ৰশ্নই নুঠে।
অলপ আগতে মই উল্লেখ কৰাখিনি আছিল প্ৰেম সম্পৰ্কত মই কৰা কিছু সম্যক ধাৰণা। এতিয়া আহো আচল কথালৈ আৰু সেয়া হ’ল একপক্ষীয় প্ৰেম। কোনে কয় একপক্ষীয় প্ৰেমত কোনোধৰণৰ দুখ-বেদনা নাই। সংসাৰৰ সকলো দুখ-বেদনা কেৱল এই একপক্ষীয় প্ৰেমতেই উপলব্ধ। কিয়নো প্ৰথম কথা হ’ল একপক্ষীয় প্ৰেমত কোনোপক্ষই নিজৰ নিজৰ মনৰ ভাৱ কাৰো আগত ব্যক্ত কৰিব নোৱাৰে যাৰ কাৰণে ভুক্তভোগী হৈ থাকে দুয়োপক্ষই।
কাৰোবাৰ প্ৰতি প্ৰেমভাৱ জাগি উঠাতো বৰ্তমান সময়ত কোনো ডাঙৰ কথা নহয়। প্ৰেম আছে বাবেইতো এই জগতখন চলি আছে। প্ৰেম হোৱাতো আৰু সেই প্ৰেমত সফল হোৱাতো বৰ্তমান বহুতেই টান। কাৰোবাৰ হয়তো কোনোবা এজনক ভাল লাগিছে কিন্ত সেই মানুহজনৰ হয়তো আগৰপৰাই কোনোবা বেলেগ এজনক বা এজনীকহে ভাল লাগে।এই কথাটো গম পোৱাৰ লগে লগে হয়তো ল’ৰাজন বা ছোৱালীজনীৰ মনটো একেবাৰে মৰহি যাব। হয়তো সি বা তাই মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে কিন্তু সেয়া তাই বা তাৰ কাৰণে একপক্ষীয় প্ৰেমলৈ ৰূপান্তৰিত হৈ পৰিব চিৰজীৱনৰ কাৰণে আৰু যিটো সি বা তাই কেতিয়াও নাপাহৰে।
সকলোতকৈ বহুত বেছি আমনিদায়ক হয় এই একপক্ষীয় প্ৰেম। ভিৰৰ মাজতো বাৰে বাৰে আমনি কৰে আমাৰ মনটোক এই একপক্ষীয় প্ৰেমে। ইচ্ছা কৰিও মনটোক বুজাব নোৱাৰি তেতিয়া যেতিয়া নিজৰ সেই আপোন মানুহজনৰ কথা বাৰে বাৰে মনলৈ আহি থাকে কিন্তু যেতিয়া মনলৈ আহে যে সেয়া আছিল কেৱল একপক্ষীয় এক মধুৰ তথা মিঠা প্ৰেমৰ অনুভূতি তেতিয়া অকণমান সময়লৈ পাহৰিবলৈ চেষ্টা কৰা হয় সকলোখিনি মিঠা অনুভৱ।
নিশাবোৰ যেতিয়া গভীৰ হৈ আহে তেতিয়া মনত পৰে সকলোবোৰ কথা। মনত পৰে সেই আপোনভোলা মুখখন, দুচকুৰ সেই কোমল চাৱনিবোৰ, কথাবোৰ, প্ৰতিটো শব্দ আৰু সেই ধুনীয়া ওঁঠজুৰিৰ ফাঁকেৰে মৰা মিচিকীয়া হাঁহিটো। প্ৰায় দুবছৰ ধৰি এজন মানুহক একপক্ষীয়ভাৱে ভাল পোৱাটো কিমান যন্ত্ৰণাদায়ক সেয়া কেৱল ভুক্তভোগীয়েহে বুজে। জীৱনত সকলো কাম মুক্তভাৱে কৰি ফুৰা ল’ৰা বা ছোৱালীৰ বাবে এই একপক্ষীয় প্ৰেম খুব যন্ত্ৰণাদায়ক।
জীৱনে সকলোকে বহুখিনি শিকাই যায় যেতিয়া সংগ্ৰাম কৰা হয় জীৱনত কিবা এটা পাবৰ বাবে। একপক্ষীয় প্ৰেমৰ মূল্য দি থাকিবলৈ জীৱনটো কেতিয়াও ৰৈ নাথাকে কিন্তু ইয়াৰ উচিত মূল্য পোৱাটোও খুবেই প্ৰয়োজনীয় কিয়নো প্ৰেম যেনেদৰে সকলোৰে সৈতে নহয় ঠিক তেনেদৰে একপক্ষীয় প্ৰেমো সকলোৰে সৈতে নহয় সেয়ে গুৰুত্ব দিয়া উচিত একপক্ষীয় প্ৰেমক।

Related Articles

Leave a Reply

Close