অসমশীৰ্ষ

কবি ইলামণি শইকীয়ালৈ ২০১৯ বৰ্ষৰ ড.বি.আৰ.আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান

প্ৰথম খৱৰ,সোণাৰি, ৩০ জুলাই : অতি কম বয়সৰে পৰা সাহিত্য চৰ্চাৰ সৈতে জড়িত তথা আজিৰ দৈনিক বাতৰি কাকতৰ উপ সম্পাদক ৰূপে কৰ্ম জীৱনৰ পাতনি মেলা ইলামণি শইকীয়ালৈ চলিত বৰ্ষৰ বাবে সাহিত্য অকাডেমিয়ে আগবঢ়াইছে ড° বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ৷ ‘ইউনিভাৰ্ছিটি অব্‌ ইঞ্জিনীয়াৰিং এণ্ড মেনেজমেণ্ট’ৰ দ্বাৰা শিক্ষক বটাঁ ইলামণি শইকীয়া পূৰ্বে বহুকেইখন বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যম ’নিউজ টাইম অসম’তো সাংবাদিক হিচাপে কৰ্মৰত আছিল৷ ২০০৯ চনত প্ৰকাশিত লেখিকাগৰাকীৰ প্ৰথমখন কাব্যগ্ৰন্থ ’আকাশ মূলতঃ পৃথিৱীৰ প্ৰেমিক’ত অসমীয়াৰ লগতে কেইবাটাও কবিতাৰ ইংৰাজী অনুবাদ অন্তৰ্ভুক্ত হোৱাৰ উপৰি বিখ্যাত চিত্ৰশিল্পী ৰবীন বৰৰ বহুকেইখন পেইণ্টিঙো সন্নিবিষ্ট হৈছে৷ অসমৰ বহুকেইখন জনপ্ৰিয় কাকত, আলোচনীত কবিতা, গল্প, প্ৰবন্ধ, অনুভৱ লিখা আদি প্ৰকাশ হৈ অহা ইলামণি শইকীয়া বৰ্তমান দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰীৰূপে কৰ্মৰত ৷ যোৱা এঘাৰ জুলাইত নতুন দিল্লীস্থ ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক গৰাকীক আনুষ্ঠানিকভাৱে ড° বি.আৰ.আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান’২০১৯ প্ৰদান কৰে ‘বাবু জগজীৱন ৰাম কলা-সংস্কৃতি আৰু সাহিত্য অকাডেমিৰ ৰাষ্ট্ৰীয় সভাপতি ড° এন.এচ.খৌবাই। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰে৷ সাৰ্বজনীন মানবীয় চেতনা, প্ৰেমগাঁথা, অন্তৰ্লীন বিষণ্ণতা, প্ৰকাশভংগীৰ ৰমন্যাসিক সুৰ, কালচেতনা, জীৱনৰ প্ৰতি অহৰহ আকূতি-এনে বৈভৱেৰে পুষ্ট কবিতাৰ স্ৰষ্টা ইলামণি শইকীয়াৰ এই সফলতাত তেওঁৰ বিভিন্ন গুণমুগ্ধই অভিনন্দন জ্ঞাপন কৰিছে।কবি ইলামণি শিৱসাগৰ জিলাৰ কালুগাঁৱৰ নিবাসী নাৰায়ণ শইকীয়া আৰু স্বৰ্গীয় ফুলমাই শইকীয়াৰ কণিষ্ঠা কন্যা আৰু গুৱাহাটীৰ নিবাসী কৃষ্ণগোপাল দত্তৰ পত্নী৷

Related Articles

Leave a Reply

Close