খেলশীৰ্ষ

টাইকোৱানডোত বালিপৰাৰ খেলুৱৈৰ সাফল্য 

নিউজ ডেস্ক, প্ৰথম খবৰ: শোণিতপুৰৰ জিলা সদৰ তেজপুৰত অলপতে অনুষ্ঠিত হৈ যোৱা শোণিতপুৰ জিলা ভিত্তিত টাইকোৱানডো প্ৰতিযোগিতাত বালিপৰা টাইকোৱানডো এছোছিয়েচনৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰি মুঠ ১৫ টা পদক লাভ কৰি বৃহত্তৰ বালিপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ।জিলাখনৰ কেইবাশ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগীতাখনত বালিপৰা টাইকোৱানডো এছোচিয়েচনৰ মুঠ ১৭ গৰাকী খেলুৱৈয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি ৬ টা সোণৰ পদক ,২ টা ৰূপৰ পদক আৰু ৬ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৪ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

Related Articles

Leave a Reply

Close