অসম

তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে প্ৰদান কৰিলে ৫০ হেজাৰ টকাৰ অনুদান

প্ৰথম খবৰ,তিনিচুকীয়াঃ সমগ্ৰ ৰাজ্য বানত প্লাবিত হোৱাৰ সময়তে দুৰ্গতজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰ, অনুষ্ঠান – প্ৰতিষ্ঠান, দল সংগঠন তথা ব্যক্তি বিশেষ৷ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ বিভিন্নজনে আগবঢ়াইছে আৰ্থিক অনুদান৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশান৷ বিধায়কগৰাকীয়ে আজি দিশপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ৫০ হেজাৰ টকাৰ চেক প্ৰদান কৰে৷

Related Articles

Leave a Reply

Close