অসম

দুধনৈত ৰাভা ভাষাৰ দহদিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠান

প্ৰথম খবৰ ,দুধনৈ, ভবেশ চন্দ্ৰ ভাগৱতী:২২ জুলাই : – দুধনৈত যোৱা দহ জুলাইৰ পৰা দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাভা ভাষা শিক্ষাৰ দহদিনীয়া কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। দুধনৈস্থিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে দুধনৈ আঞ্চলিক আৰছুৰ সভাপতি অমিত ৰাভাই। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা অতি কম সময়ৰ ভিতৰতে পৰিষদীয় এলেকাত থকা এশখন বিদ্যালয়ত ৰাভা ভাষাৰ বিশেষ পাঠদানৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। আনহাতে এই এশখন বিদ্যালয়ৰ ৫০ খন বিদ্যালয়ৰ বাছনি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰাৰ লগতে আন ৫০ খন বিদ্যালয়ৰ বাছনিৰ কাম অতি সোনকালে কৰা হব বুলিও ব্যক্ত কৰে । অনুষ্ঠানত নিখিল ৰাভা ছাত্র সন্থাৰ উপ-সভাপতি ছিৰাজ ৰুংডুঙ, যুটীয়া সম্পাদক শ্য়ামজিৎ ৰাভা আৰু আলোচনী সম্পাদক জয়চন্দ্ৰ দাবাং, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, ষষ্ঠ অনুসূচী দাবী কমিটিৰ কেন্দ্ৰীয় সভাপতি মহীধৰ ৰাভাৰ লগতে গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী কমিটিৰ সভাপতি ৰত্নেশ্বৰ ৰাভা, গোৱালপাৰা জিলা ৰাভা ছাত্র সন্হাৰ সভাপতি অসীম কুমাৰ ৰাভাও আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। আজিৰ সামৰনি অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে গীত-নৃত্য, কবিতা আবৃত্তিৰ লগতে এখন শিশু নাট প্ৰদৰ্শন কৰে। উল্লেখ যে কৰ্মশালাৰ অন্ততঃ অনুষ্ঠিত কৰা বিশেষ মূল্যাংকনত শীৰ্ষ নম্বৰ লাভ কৰা তিনি গৰাকী শিক্ষাৰ্থীক উদ্গনি মুলক বঁটা প্ৰদান কৰাৰ লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো শিক্ষাৰ্থী সকলোক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই কৰ্মশালাৰ জড়িয়তে ৰাভাভাষাৰ প্ৰচাৰ প্ৰসাৰৰ লগতে ৰাভা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলে লাভবান হয়।

Related Articles

Leave a Reply

Close