অসম

ধ্বনিৰাম ইংলেং সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী লং টেৰাং মেমৰিয়েল ক্লাৱ।

৫--৩ গ'লৰ ব্যৱধানত লং টেৰাং মেমৰিয়েল ক্লাৱৰ হাতত পৰাস্ত এলেভেন এঞ্জেল ক্লাৱ

খেৰণি, ৩১ জুলাই: পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ অন্তৰ্গৰ জেংখাত আজি অনুষ্ঠিত হয় ধ্বনিৰাম ইংলেং সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল। অনুষ্ঠিত ধ্বনিৰাম ইংলেং সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়ায় লং টেৰাং মেমৰিয়েল ক্লাৱৰ বিপৰীতে এলেভেন এঞ্জেল ক্লাৱে। উল্লেখ্য যে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত বৃহত্তৰ অঞ্চলৰ মুঠ ২০ টাকৈ ফুটবল দলে প্ৰতিদ্বন্দিতাৰ লক্ষ্যৰে যোগদান কৰিছিল যদিও প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপনীত হবলৈ সক্ষম হয় লং টেৰাং মেমৰিয়েল ক্লাৱৰ বিপৰীতে এলেভেন এঞ্জেল ক্লাৱে। মন কৰিবলগীয়া যে অনুস্থিত খেলখনত উপস্থিত থকা কেবা শতাধিক দৰ্শক তথা সমৰ্থকক এক আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি এক উত্তেজনাপূৰ্ণ পৰিবেশেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় উল্লেখিত দুয়োটা দলেই। লগতে খেলখনৰ আৰম্ভণিৰে পৰা অন্তিম মুহূৰ্তলৈকে এক সুন্দৰ খেল প্ৰদৰ্শনেৰে এক আলোড়নৰো সৃষ্টি কৰে দুই দলৰ খেলুৱৈসকলে। বৃহত্তৰ অঞ্চলটোৰ কেবা শতাধিক দৰ্শক তথা ক্ৰীড়া অনুৰাগীৰে ভৰি থকা খেলপথাৰত দুয়ো দলে আক্ৰমণ-প্ৰতি আক্ৰমনেৰে খেলখনৰ বান্ধি দিয়া সময়সীমাৰ ভিতৰত ৫–৩ গ’লৰ ব্যৱধানত লং টেৰাং মেমৰিয়েল ক্লাৱে জয়লাভ কৰাৰ বিপৰীতে লং টেৰাং মেমৰিয়েল ক্লাৱৰ হাতত পৰাস্ত হবলগীয়া হয় এলেভেন এঞ্জেল ক্লাৱ। আনহাতে প্ৰতিযোগিতাখনত শৃংখলা মানি চলা দল হিচাপে লং টেৰাং মেমৰিয়েল ক্লাৱে পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে লং টেৰাং মেমৰিয়েল ক্লাৱৰ বিনচন তিমুং নামৰ খেলুৱৈগৰাকীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে লগতে এলেভেন এঞ্জেল ক্লাৱৰ কাংবুঢ়া তেৰণ নামৰ খেলুৱৈ গৰাকীয়ে অধিক গ’ল প্ৰদান কৰা খেলুৱৈ হিচাপে পুৰস্কাৰ লাভ কৰে। ইপিনে কেইবাগৰাকী ৰেফাৰীৰ সহায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ খেলপথাৰত অতিথি হিচাপে কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং, কাৰ্বি পৰিষদীয় কপিলী সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ হনছিং তেৰাং, হামৰেণ সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ’কে ধৰি সমাজসেৱক, ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকি চূড়ান্ত খেলৰ আনন্দ উপভোগ কৰে।

Related Articles

Leave a Reply

Close