খেলশীৰ্ষ

পুনৰ খেলপথাৰত দেখা যাব নে ধোনীক?

নিউজ ডেস্ক, প্ৰথম খবৰ:বিশ্বকাপৰ পিছতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অৱসৰয় বিষয়টো এতিয়া চৰ্চিত হৈ আছে।ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হ’ব দেওবাৰে।(২১ জুলাই)ত। দল নিৰ্বাচনৰ বৈঠকত অধিনায়ক বিৰাট কোহলীয়ে পাঁচ গৰাকী নিৰ্বাচকৰ সৈতে অংশগ্ৰহণ কৰিব। ভাৰতীয় দলটোৰ নিৰ্বাচক সমিতিৰ প্ৰধান হ’ল এমএছকে প্ৰসাদ। লগত থাকিব দেবাংগ গান্ধী, চৰণদ্বীপ সিং, যতিন পৰাঞ্জপে আৰু গগন খোড়া। এই বৈঠকতে সিদ্ধান্ত হ’ব মাহীৰ ভৱিষ্যৎ।মাহীয়ে বৰ্তমানলৈ নিজৰ ভৱিষ্যতক লৈ একো মন্তব্য কৰা নাই যাৰ ফলত এতিয়া সম্ভাৱনীয়তাই বেৰি ৰাখিছে সকলোকে। পূৰ্বতে কোৱা হৈছিল যে ধোনীয়ে বিশ্বকাপ ২০১৯ৰ পিছত অৱসৰ গ্ৰহণ কৰিব। কিন্তু এই সন্দৰ্ভত জ্ঞাত নহয় বিৰাট কোহলী। ধোনী ৱেষ্টইণ্ডিজৰ ভ্ৰমণত নোযোৱাৰ সম্ভাৱনাই যথেষ্ট।বিশ্বকাপৰ কেইবাখনো মেচত ধোনীক কষ্টত থকা দেখা গৈছিল। যাৰ বাবে তেওঁক এতিয়া আৰামৰ প্ৰয়োজন হৈ পৰিছে।

Related Articles

Leave a Reply

Close