অসমনলবাৰী

“প্ৰকৃত জাপি শিল্পী চিনাক্ত কৰক” নলবাৰীৰ তিলানা যুৱক সংঘৰ সৌজন্যত সংবাদমেল

 প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী: অসমৰ ঐতিহ্যমণ্ডিত কুটীৰ শিল্পৰ নিদৰ্শন জাপি শিল্পলৈ আহি পৰিছে অশনি সংকেত। সাম্প্ৰতিক সময়ত শিল্পীসকলৰ মনত সৃষ্টি হোৱা এনে আশংকাৰ ফলশ্ৰুতিত আজি নলবাৰী জিলাৰ বাহঁজানীৰ তিলানাত তিলানা যুৱক সংঘৰ উদ্যোগত অনুস্থিত হোৱা সংবাদমেলত প্ৰায় শতাধিক কুটীৰ শিল্পী মিলিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে শিল্পবিধলৈ আহি পৰা অশনি সংকেটৰ বিষয়ে আলোকপাত কৰি বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰে ।

উল্লেখযোগ্য যে , নলবাৰীৰ তিলানা,বালামুগকুছি,সুতাৰকুছি,কৰ্দৈতোলা,তেৰেছীয়া গাঁৱৰ কুটীৰ শিল্পীসকলে শিল্পবিধৰ লগত জড়িত হৈ নিজ ঘৰখনকে একোটা ক্ষুদ্ৰ উদ্যোগলৈ ৰূপান্তৰিত কৰিছে যদিও আজিও অধিকাংশ শিল্পীৰ আৰ্থিক অৱস্থা আজিও সন্তোষজনক নহয়। সংবাদমেলত শিল্পীসকলে শ্ৰম অনুযায়ী আজিও তেওঁলোক প্ৰাপ্যৰ পৰা বঞ্চিত বুলি উল্লেখ কৰি তেওঁলোকে উপযুক্ত মূল্য লাভৰ লগতে শিল্পবিধে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰি বিশ্বৰ দৰবাৰত জাপি শিল্পক পৰিচিত কৰোৱাৰ অৰ্থ চৰকাৰলৈ পৰামৰ্শ আগবঢ়াই তাক কাৰ্যকৰীকৰণ কৰাৰ বিনম্ৰ আহ্বান জনাইছে।
সেইমৰ্মে, প্ৰকৃত জাপি শিল্পী নিৰ্বাচন কৰি জাপিৰ কেঁচা সামগ্ৰীৰ ব্যৱস্থাকৰণ, উপযুক্ত বজাৰৰ সন্ধান, প্ৰকৃত জাপি শিল্পীক চৰকাৰী সা-সুবিধা প্ৰদান,দক্ষতা বিকাশৰ ব্যৱস্থাকৰণ, শিল্পবিধক চৰকাৰীকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰা হয়।
তিলানা যুৱক সংঘৰ সম্পাদক অৱনী কলিতাই আঁত ধৰা উক্ত সংবাদমেলত সংঘৰ উপদেষ্টা ,শিক্ষক তথা জেষ্ঠ্য কুটীৰ শিল্পী জিতেন কলিতাই জাপিৰ প্ৰকৃত মাণদণ্ড আৰু জাপি শিল্পীৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ লগতে গ্ৰামোদ্যোগ বিভাগে শিল্পবিধৰ উন্নয়নৰ বাবে এখন সংস্কাৰমূলক আঁচনি অনুমোদন কৰি প্ৰকৃত জাপি শিল্পীৰ মাজত ৰূপায়ণ কৰি ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে। একেদৰে, চৰকাৰী পৃষ্ঠপোষকতাত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি অতি কম খৰচত অধিক উৎপাদন কৰিব পৰা ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। সংবাদমেলত
সংঘৰ সভাপতি তথা শিক্ষক ধৰণীধৰ তামুলীয়ে শিল্পী তথা শিল্পবিধৰ ভবিষ্যতক কেন্দ্ৰ কৰি যথেষ্ট উদ্বিগ্ন হৈ পৰা বুলি মন্তব্য কৰি এইক্ষেত্ৰত চৰকাৰক শীঘ্ৰেই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কুটীৰ শিল্পী ভূপেন কলিতাই কয় যে, সৰুৰেপৰাই তেওঁ জাপি নিৰ্মাণ কাৰ্যত জড়িত যদিও উপযুক্ত বজাৰৰ অভাৱত মধ্যভোগীৰ কবলত পৰি তেওঁলোক প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে। প্ৰকৃত জাপি শিল্পীসকলক চৰকাৰী সাহাৰ্য, শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। জাপি নিৰ্মাণ কাৰ্যত ২৩ বছৰ ধৰি জড়িত অনিল কলিতাই কয় যে বজাৰৰ বস্তুৰ দাম অনুসৰি শিল্পীসকলৰ আৰ্থিক অৱস্থা সন্তোষজনক নোহোৱা বাবে যুৱচামৰ আজি জাপি নিৰ্মাণকাৰ্যৰ প্ৰতি আগ্ৰহী নহয়। সংবাদমেলত আশাৰ সভাপতি নিৰ্মল শৰ্মাই চৰকাৰক শিল্পবিধৰ উন্নয়নৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। সংবাদমেলত
৬৮ বছৰীয়া বৃদ্ধা ভদ্ৰেশ্বৰী শীলে বিগত ৪০ বছৰ ধৰি জাপি নিৰ্মাণ কাৰ্যত জড়িত হোৱা বুলি উল্লেখ কৰি চৰকাৰৰ পৰা মাহিলী হিচাবত লাভ কৰা আঢ়ৈশ টকীয়া পেঞ্চন আৰু জাপি নিৰ্মাণ কৰি এজনীয়া পৰিয়ালটো জোৰা-টাপলি মাৰি চলাই থকা বুলি দুখ প্ৰকাশ কৰে। আনহাতে, মহিলা শিল্পী ৰশ্মি কলিতাই দিনে-নিশাই কাম কৰিলেও খাবলৈ নোযোৰে বুলি উল্লেখ কৰি চৰকাৰে উপযুক্ত বজাৰৰ সৃষ্টি কৰিব লাগে বুলি মতপ্ৰকাশ কৰে। সংবাদমেলৰ জৰিয়তে শিল্পীসকলে জনোৱা আহ্বান চৰকাৰে শীঘ্ৰেই কাৰ্যকৰী কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে, নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ চৌধুৰীয়ে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুস্থিত কৰিব বিচৰা জাপি মহোৎসৱ কাৰ্যসূচীক কুটীৰ শিল্পীসকলে আদৰণি জনাই এইক্ষেত্ৰত যাতে কোনো কুটীৰ শিল্পী বাদ নপৰে তাৰবাবে আহ্বান জনায়। সংবাদ মেলত সংঘৰ সভাপতি ধৰণীধৰ কলিতা, তিলানা গাঁও উন্নয়ন সমিতিৰ সম্পাদক মিন্টু তামুলী,প্ৰাক্তন পঞ্চায়ত সভাপতি নলীনি কান্ত শীল, পঞ্চায়ত সদস্য অঞ্জলি কলিতা, বিজেপি নেতা মহেশ মহন্ত, সংঘৰ বিষয়ববীয়া অতুল কলিতা, কৃৰ্তি শিক্ষক নিৰ্মল শৰ্মা সহ বহু জাপি শিল্পী উপস্থিত আছিল ।

Related Articles

Leave a Reply

Close