অসমশীৰ্ষ

প্ৰশ্ন থাকিলেহে উত্তৰণৰ সঠিক পথত আগুৱাব সমাজ: ৰুবুল দাস

উত্তৰ গুৱাহাটীত সন্মিলিত প্ৰয়াসৰ বুক ডিপোৰ উন্মোচনী অনুষ্ঠান

নিউজ ডেস্ক, প্ৰথম খবৰ: “প্ৰশ্ন আছে বাবেই মানুহ অন্য জীৱতকৈ শ্ৰেষ্ঠ। মনত বিভিন্ন প্ৰশ্নৰ উদয় তেতিয়াহে হ’ব যেতিয়া আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে তথ্য থাকে। আৰু তথ্য আহৰণৰ বাবে অধ্যয়ন কৰিবই লাগিব।” আজি উত্তৰ গুৱাহাটীৰ আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সন্মিলিত প্ৰয়াসৰ অষ্টমটো বুক ডিপোৰ শুভাৰম্ভণি অনুষ্ঠানত এইদৰে কয় প্ৰথম খবৰৰ সম্পাদক ৰুবুল দাসে।

সাংবাদিক প্ৰদীপ গগৈ আৰু বংকিম বংকু দাসৰ লগতে সন্মিলিত প্ৰয়াসৰ সমূহ সহযোগীৰ একনিষ্ঠ প্ৰচেষ্টাত আৰু উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সহযোগত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বুক বেংকটো। আজি এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° তাৰিণীকান্ত হালৈ, ড° বিজয় কৃষ্ণ চেতিয়া, আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাৰুলতা কলিতা, শিক্ষাবিদ পাৰ্থপ্ৰতীম বৰকাকতি, জুৰি ভট্টাচাৰ্য, উত্তৰ গুৱাহাটীৰ সচেতন ব্যক্তি অনাথ দাস আৰু প্ৰথম খবৰৰ সম্পাদক ৰুবুল দাসে বুক ডিপোৰ উত্তৰণৰ বাবে বহু গঠনমূলক দিহা পৰামৰ্শ আগবঢ়ায়। সমান্তৰালভাৱে, উপস্থিত ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিব পৰা সময়োপযোগী চিন্তাৰে সমৃদ্ধ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে।

উদ্যোক্তা প্ৰদীপ গগৈয়ে প্ৰথম খবৰক কয়, “আমি বিশ্বাস কৰোঁ সন্মিলিত প্ৰয়াসৰ উত্তৰ গুৱাহাটী বুক ডিপোৱে অঞ্চলটোত এক সুস্থিৰ বৌদ্ধিক যাত্ৰা সূচনা কৰিবলৈ সক্ষম হ’ব।”

Related Articles

Leave a Reply

Close