অসমবৰপেটাশীৰ্ষ

বৰপেটাৰ কৰগাৰিগাঁওৰ পৰা আৰক্ষীয়ে আটক কৰিলে তিনি দূধৰ্ষ জেহাদীক

নিউজ ডেস্ক,প্ৰথম খবৰ:বাংলাদেশৰ জামাত উল মুজাহিদীনৰ তিনি দূধৰ্ষ সন্ত্ৰাসবাদীক আটক কৰিছে ভবানীপুৰ আৰক্ষীয়ে।বোমা তৈয়াৰ, অস্ত্ৰ প্ৰশিক্ষন আদিত জড়িত আছিল এই তিনি দূধৰ্ষ সন্ত্ৰাসবাদী।ধৃত হাফিজুৰ ৰহমান বাংলাদেশৰ জামাত-উল-মুজাহিদীনৰ সদস্য।হাফিজুৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে আন দুজন সন্ত্ৰাসবাদী ইয়াকুব আলী আৰু ছৰিফুল ইছলামক।পূৰ্বেও জেহাদী কাৰ্যকলাপৰ বাবে চৰ্চালৈ আহিছিল বৰপেটাৰ কৰগাৰিগাঁও।বৰপেটা-বাক্সাৰ বিভিন্ন স্থানত জেহাদী কাৰ্যকলাপ চলাই আহিছিল এই তিনি সন্ত্ৰাসবাদীয়ে।বৰ্তমানেও তিনি অভিযুক্তক জেৰা অব্যাহত ৰাখিছে ভবানীপুৰ আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close