অসমনিবন্ধশীৰ্ষ

লগুণ কেৱল ব্ৰাহ্মণৰ অলংকাৰ নেকি?

জুবিন গাৰ্গৰ মন্তব্য আৰু কিছু চিন্তনীয় কথা

স্ৰীতি কাশ্যপ

জুবিনৰ ওপৰত জাঙুৰ খাই উঠিল বাহ্মণসকল। কিয়? কাৰণ তেওঁ বামুণক পিটিব লাগে বুলি হিংসাত্মক ভাব থকা কথা ক’লে।জাতিগত কথা কিয় ক’ব জুবিনে? তেওঁলোক আদালত, আৰক্ষীৰ ওচৰলৈ যাবলৈ সাজু হ’ল। সকলো বামুণে ক্ষোভত ফাঁটি পৰি ক’লে গ্লেমাৰ বুটলাৰ ফন্দি।

সকলো ঠিকেই আছিল। তেওঁ এক ভণ্ড, স্বাৰ্থপৰ শিল্পী বুলি সকলো ধৰণৰ ককৰ্থনা বৰষা হ’ল। হঠাতে জুবিনে আজি ভঙাগড় থানালৈ গৈ ক্ষমা খুজিলে। খুজিলে খুজিলে, তাতো নতুনত্ব নাই। কিন্তু নতুনত্ব আহিল।

জুবিনে ক’লে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত- “হয়, মই সমাজত অস্পৃশ্যতাৰ অনুভৱ কৰোঁ। আজিৰ দিনটো। সকলো জাতি সমান হ’ব লাগে। মই (মদ) খাই আছিলো, বামুণ বুলি ক’ব নালাগিছিল।”

আমাৰ কথা হ’ল জুবিনে মদ নোখোৱাকৈ কোৱা কথাখিনিৰ জাতিৰ প্ৰসংগত অসমৰ বামুণ সমাজে কি ক’ব?

অস্পৃশ্যতা আছে কাৰণেই দুৰ্বল জাতিবোৰক সংৰক্ষণ দিয়াৰ প্ৰয়োজনত ভাৰত চৰকাৰে সেই নীতি লৈছিল। কেতিয়া অস্পৃশ্যতা শেষ হ’ব আৰু সংৰক্ষণৰ প্ৰয়োজনো নোহোৱা হ’ব? লগুণ– লগুণ তেওঁ নলয়। বামুণ বুলি চিনাকি দিব নুখুজে।

সঁচাকৈয়ে বামুণৰ চিনাকিৰ বাদে আজি অধিক সংখ্যক বামুণৰ লগুণ পৰিধান অসাৰ। লগুণে মানুহক সংযত কৰি ৰাখিবলৈ শিকায়। আৰু লগুণ পৰিধান কৰাৰ লগে লগে বহু কাম কৰিব নোৱাৰে যি স্থলত লগুণ পৰিধান কৰা বামুণ সকলে অনিয়ম কৰা পৰিলক্ষিত হৈ আহিছে।

আজি সকলো উচ্চাসিত যে জুবিনে সেও মানিলে। কিন্তু আমাৰ দৃষ্টিত জুবিনে শতিকাৰ অপবাদ, জাতিবাদৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰি গ’ল। 

এই লেখাৰে জুবিনলৈ আমাৰ অনুৰোধ অসমৰ হাৰ্ট থ্ৰ’ব জুবিনে যাতে মাদকদ্রব্য অবিহনে প্ৰতিবাদ কৰে অন্যায়ৰ, নহ’লে তেওঁৰ মুখৰ পৰা নিচাতে ওলোৱা অপ্ৰাসংগিক কথাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় অৱহেলিত হ’ব।

Related Articles

Leave a Reply

Close