অসমশীৰ্ষ

লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সাধাৰণ সম্পাদিকা জিন্টী গগৈ আৰু নাই

নিউজ ডেস্ক,প্ৰথম খবৰ: অসমৰ সমাজ আৰু ৰাজনৈতিক জীৱনৰ এগৰাকী আগসাৰীৰ নেত্ৰী, ৰাজ্যৰ বাওপন্থী চিন্তাধাৰাক আগুৱাই নিয়াৰ বাবে দীৰ্ঘদিনে অক্লান্ত প্ৰয়াস কৰি যোৱা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সাধাৰণ সম্পাদিকা জিন্টী গগৈয়ে মঙলবাৰে নিশা আকস্মিক মৃত্যুক আঁকোৱালি লয়। মৃত্যুত সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ।গুৱাহাটীৰ গান্ধীবস্তিৰ ভাৰাঘৰত শেষ নিশ্বাস ত্যাগ কৰা জিন্টী গগৈৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও তেওঁ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপত ভূগি থকা হেতুকে ৰক্তচাপ জনিত কাৰণতেই তেওঁৰ বিয়োগ ঘটা বুলি সন্দেহ কৰা হৈছে। আজি পুৱা মৰনোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়। তাতেই যথেষ্ঠ সংখ্যক সতীৰ্থ, গুণমুগ্ধ আৰু আত্মীয়ৰ উপস্থিতিত তেওঁলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শেষকৃত্য সম্পন্ন কৰা হয়।প্ৰয়াত গগৈ আছিল এগৰাকী সমাজ সচেতন প্ৰগতািবাদী ৰাজনৈতিক নেত্ৰী। জিন্টী গগৈয়ে ২০১১ চনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ সংগঠনটোৰ জনস্বাৰ্থ সুৰক্ষা গৱেষণা গোটৰ মুখ্য দায়িত্ব গ্ৰহণ কৰিছিল। নাৰী মুক্তি সংগ্ৰাম সমিতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো তেওঁৰ উল্লেখযোগ্য ভূমিকা আছিল। ইয়াৰ পাছত জিন্টী গগৈয়ে আম আদমি পাৰ্টিৰ ৰাজ্যিক স্তৰৰ দায়িত্ব বহন কৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কলিয়াবৰ সমষ্টিৰ পৰা আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাও কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁ লিবাৰেল ডেমক্ৰেটিক পাৰ্টি (এল ডি পি) ত যোগদান কৰে। মৃত্যুৰ সময়লৈ তেওঁ দলটোৰ সাধাৰণ সম্পাদিকা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।তেওঁ বাঁওপন্থী গণতান্ত্ৰিক দল-সংগঠন সমুহৰ সৈতে আন্তৰিক সম্পৰ্ক ৰক্ষা কৰি চলিছিল। ৰাজ্যত উত্থান ঘটা সাম্প্ৰদায়িক বিভাজনমুখী শক্তিসমুহৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰা নেত্ৰীগৰাকীয়ে বাঁও-গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ শক্তিসমুহৰ ঐক্যৰ পোষকতা কৰিছিল। বাঁও গণতান্ত্ৰিক মঞ্চ, অসমৰ সৈতেও তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল।
স্বাধীনচেতিয়া, নিৰ্ভিক আৰু দৃঢ়মনা জিন্টী গগৈয়ে তেওঁৰ যোৰহাটৰ মৰিয়ণীৰ নিজা ঘৰ এৰি দুই কন্যা সন্তানৰ সৈতে গুৱাহাটীত আছিল। গুৱাহাটীত ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল চলোৱাৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিস্থানৰ লগত জড়িত হৈ সমাজ সেৱাত ব্ৰতী হৈছিল।
অতি সৎ আৰু সৰল মনৰ অধিকাৰী জিন্টী গগৈৰ অকাল মৃত্যুত লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ উপৰিও বাঁও গণতান্ত্ৰিক মঞ্চ অসম, চি পি আই (এম), অসম সংগ্ৰামী মঞ্চ, আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক শাখা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।
মৃত্যুৰ সময়ত জিন্টী গগৈয়ে তেওঁৰ স্বামী, দুই কন্যা আৰু শাহুৱেকক এৰি যায়।

Related Articles

Leave a Reply

Close