অসম

শিৱসাগৰ বাকচু পথত ভূঁই ৰুই কৰিলে প্ৰতিবাদ

প্ৰথম খবৰ , শিৱসাগৰ ৩১ জুলাই : শিৱসাগৰ ১০৮ নং বিধানসভা সমষ্টিৰ খেলুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত বাকচুত যুৱ সমাজৰ উদ্যোগত আৰু বাকচুৰ সমূহ ৰাইজৰ সহযোগ বাকচু মথাউৰিৰ পথৰ ওপৰত ভূঁই ৰুই স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ‍্য যে বাকচুৰ সমূহ ৰাইজে আজিৰ কেইবাবছৰ ধৰি বাকচু মথাউৰি ওপৰৰ পথটো মেৰামতি কৰিবলৈ বিভাগীয় কতৃপক্ষৰ তথা ৰাজনৈতিক নেতা-পালিনেতাক বাৰম্বাৰ কাকুতি-মিনতি কৰি আহিছে,লগতে বাকচু যুৱ সমাজৰ বিষয়-ববীয়া সকলৰ ওপৰিও স্থানীয় ৰাইজে বাকচু পৰা শিৱসাগৰ চহৰৰ সংযোগী উক্ত পথটি যোৱা ১৫-২০ বছৰে কংগ্ৰেছ, বিজেপি কোনো এখন চৰকাৰে তিলমানো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন উঠিছে । জানিব পৰা মতে অৱশেষত যাতায়তৰ অনুপযোগী হৈ পৰাত উক্ত পথটোত স্থানীয় ৰাইজে সকলে একত্ৰিতহৈ নিজাববিয়াকৈ আৰ্থিক অনুদান সংগ্ৰহ কৰি ইটাৰে উক্ত পথটি কিছু অংশ মেৰামতি কৰে,লগতে উক্ত পথটি অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ অসম চৰকাৰ তথা বিভাগীয় কতৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ যোগেদি দাবী জনাছে ।

Related Articles

Leave a Reply

Close