শীৰ্ষৰাজ্যৰ খবৰ
সাহিত্য অকাডেমী বটাঁ প্ৰাপ্ত পূৰৱী বৰমূদৈ আৰু নাই

নিউজ ডেস্ক প্ৰথম খবৰ: ৰূপোৱালী নৈৰ ঘাট সোণোৱালী কৰিবলৈ বিশিষ্ট উপন্যাসিকা পূৰৱী বৰমূদৈ আৰু নাই। ১৯৫০চনৰ ৮মে ত তেজপুৰৰ ডেউৰীগাঁৱত জন্মগ্ৰহণ কৰা পূৰৱী বৰমূদৈয়ে জীৱিত কালছোৱাত বহুটো গল্প আৰু উপন্যাস ৰচনা কৰি অসমৰ সাহিত্য জগতৰ ভঁৰাল কিছু পৰিমাণে উন্নত কৰি থৈ গৈছে যাৰ বাবে তেওঁ বিভিন্ন সময়ত বিভিন্ন বটাঁ ৰে সন্মানীত ও হৈছে। তেওঁৰ ৰছনা কৰি থৈ যোৱা উপন্যাস সসূহ ক্ৰমে ৰূপোৱালী নৈৰ সোণোৱালী ঘাট,গজৰাজ,প্ৰেম আৰু বন্দীত্ব,শান্তনুকুলনন্দন,বাঘশাল,বাঘজাল আৰু মানুহ অন্যতম। দীৰ্ঘদিন ধৰি গুৰুত্ব ভাৱে অসুস্থ হৈ আছিল বিশিষ্ট সাহিত্যিক গৰাকী। অৱশেষত আজি পুৱা ৬বজাত গুৱাহাটিতস্থিত জি.এন.আৰ.চি. ত শেষ নিস্বাস ত্যাগ কৰে। তেওঁৰ এই মৃত্যু অসমীয়া সাহিত্য জগতৰ বাবে এক আপুৰুগীয়া ক্ষতি।তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে।