অসম

ৰঙিয়াৰ নাট্যশালাৰ গুৰু অভিনয়াচাৰ্য তৰুণ শইকীয়াৰ দেহাৱসান

প্ৰথম খবৰ ৰঙিয়া ২৩ জুলাই : ৰঙিয়া চহৰৰ মহাত্মা গান্ধী পথ নিবাসী ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক বিশিষ্ট নাট্যকাৰ, অভিনেতা,নাট পৰিচালক, আবৃত্তিকাৰ, ঘোষক তৰুণ শইকীয়া আৰু নাই। ৰঙিয়াৰ নাট্যজগতৰ গুৰু বিশিষ্ট অভিনেতা তৰুণ শইকীয়া দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি সন্ধিয়া ৫-৫০ তেওঁ জীৱন নাটৰ পৰা চিৰ দিনৰ পৰা মেলানি মাগিলে। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰা প্ৰয়াত শইকীয়া পৰৱৰ্তী সময়ত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তে বিষয় শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি তাৰ পৰা অৱসৰ লাভ কৰে। সমগ্ৰ ৰঙিয়া মহকুমাত এগৰাকী সৎ আৰু কৰ্তব্যনিষ্ঠ শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰী সকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা প্ৰয়াত শইকীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৩ বছৰ। এক সুন্দৰ তথা বলিষ্ঠ কন্ঠ স্বৰৰ অধিকাৰী সৰ্বজন শ্ৰদ্ধেয় শইকীয়া শতাধিক নাটকত অভিনয় কৰাৰ উপৰিও নাটপৰিচালনা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ এগৰাকী নাট্যকাৰো আছিল। তেওঁ বহু মঞ্চ নাটকত সূত্ৰধাৰ হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। ৰঙিয়াৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ঘোষক হিচাপে প্ৰয়াত শইকীয়াই জনপ্ৰিয়তা অৰ্জন কৰিছিল। উল্লেখ্য ১৯৬৮ চনত তেতিয়াৰ ৰঙিয়া হাইস্কুলত পঢ়ি থকা দিনতে তৰুণ শইকীয়াই ভৰি দিছিল নাটকৰ পথাৰত ৷ ৰঙিয়া হাইস্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু নিজৰ প্ৰতিভা প্ৰকাশৰ এখন বহল ক্ষেত্ৰ লাভ কৰে ৷ পিছলৈ তেওঁ বি এ পাছ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত নাম লগায় আৰু বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ হৈ পৰে তৰুণ শইকীয়াৰ নাট্য প্ৰতিভা উত্তৰণৰ অন্যতম মঞ্চ ৷ এই মঞ্চতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃত্তি কৰি তেওঁ প্ৰথম পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছিল ৷ তৰুণ শইকীয়াই ৰঙিয়াৰ লগতে সমগ্ৰ উত্তৰ কামৰূপত জন্ম দিয়ে এক শক্তিশালী নাট্য আন্দোলন ৷ তৰুণ শইকীয়াৰ হাতৰ পৰশতে ৰঙিয়াত জন্ম হয় ভালেকেইগৰাকী নাট্য প্ৰতিভাৰ ৷ ইয়াৰ সমান্তৰালকৈ তৰুণ শইকীয়াই ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’, ‘মহাৰাজা’, ‘সময়’, ‘বিপদ ভঞ্জন’ৰ পৰা আৰম্ভ কৰি ‘এক আছিল গাধ নাম তাৰ হিম্যৎ খা’, ‘চাৰিজন দোলাভাৰী আৰু সাউদৰ সাধু’, ‘ভোজ’, ‘হাইদৰ আলী’, ‘অংগীকাৰ’কে আদি কৰি শতাধিক নাটকত নিজে অভিনয় কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰে ৷ অসুখীয়া দেহাৰেও প্ৰয়াত শইকীয়াই ৰঙিয়াৰ নতুন চাম অভিনয় কলা কুশলীক শিকাই গৈছিল নাটকৰ নানান কলা কৌশল ৷ সমাজৰ প্ৰতিটো কামতে সদাই প্ৰথম শাৰীত সৈনিকৰ ৰূপত অৱতীৰ্ণ হোৱা তৰুণ শইকীয়াৰ মৃত্যুত আজি ৰঙিয়াৰ শিল্পী সমাজ বাকৰুদ্ধ হৈ পৰিছে ৷ আজি নিশা প্ৰয়াত শইকীয়াৰ নশ্বৰ দেহ ৰঙিয়া চহৰৰ বিদ্যাপুৰস্থিত ঘৰলৈ লৈ অহাৰ পিছত কাইলৈ তেওঁৰ ৰাজহুৱাভাৱে শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ এনেহেন এগৰাকী নাট্য মহীৰূহৰ মৃত্যুত ৰঙিয়াৰ প্ৰতিজন লোকৰ অন্তৰে আজি কান্দি উঠিছে ৷ তেখেতৰ মৃত্যুত ৰঙিয়াৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, সাংসদ ভূৱনেশ্বৰ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ ৰঙিয়া প্ৰগতি সংঘ, ৰঙিয়া হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল জব্বৰ, ৰঙিয়াৰ পৌৰ সভানেত্ৰী সীমা বৈশ্য, ৰঙিয়া জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন্দ্ৰ শৰ্মা, ৰঙিয়া প্ৰেছ ক্লাৱ, উদয়ন সংঘ, ৰঙিয়া আলোচনী সভা, সদৌ অসম লেখিকা সমাৰোহৰ ৰঙিয়া সমিতি, নতুন সাহিত্য পৰিষদৰ ৰঙিয়া সমিতি, কমলপুৰ প্ৰেছ গীল্ডৰ সভাপতি পহৰেদ আলী আহমেদ , ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থা, স্বস্তি হাস্পটাল কৰ্ত্তৃপক্ষ, সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ নটৰাজ নাট্যগোষ্ঠী, সংগম সংঘ, মুন সংঘ, তৰুণ সংঘ, নুপুৰ নৃত্য একাডেমী, স্বৰগোষ্ঠীকে ধৰি অসংখ্য অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে ৷ । ৰঙিয়াৰ নতুনচাম অভিনয় শিল্পীয়ে হেৰুৱালে এগৰাকী মৰমিয়াল অভিভাৱক ৷ সদৌ কামৰূপ জিলা ছাত্ৰসন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসেও শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বাৰ্তা প্ৰেৰণ কৰিছে ৷ কাইলৈ পুৱা ন বজাত ৰঙিয়াৰ শান্তিধাম নগৰ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জনাইছে পৰিয়ালৰ সূত্ৰই ৷
মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত পত্নীৰ উপৰিও দুজন পুত্ৰ আৰু এগৰাকী কন্যা এৰি থৈ গৈছে ৷

Related Articles

Leave a Reply

Close