অসমনলবাৰীৰাজ্যৰ খবৰ

নলবাৰী জিলা যুৱ মৰ্চাৰ সদস্যতা অভিযানৰ সভা সম্পন্ন

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ, নলবাৰী:শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন নলবাৰী জিলা যুৱ মৰ্চাৰ উদ্যোগত আজি আবেলি সদস্যতা অভিযানৰ (ভৰ্তি) এখন গুৰুত্বপূৰ্ণ সভা জিলা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। জিলা যুৱ মৰ্চাৰ সভাপতি পংকজ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু সম্পাদক মনোজ বৰ্মনে আতঁ ধৰা সভাত যুৱ মৰ্চাৰ ৰাজ্যিক মিডিয়া আহ্বায়ক হিমাশ্ৰী দেৱী, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,উপ সভাপতি অপূৰ্ব শৰ্মা, যুৱ মৰ্চাৰ ৰাজ্যিক নেতা নন্দলাল সৰকাৰ,জিলা যুৱ মৰ্চাৰ উপ সভাপতি কিংকৰ কলিতা,জিলাৰ মণ্ডলৰ বিষয়ববীয়া মুকুত চক্ৰৱৰ্তী,অঞ্জন শৰ্মা, নিহাৰ ভৰালী,ভবেশ কলিতা, অৰুপ কলিতা,ৰেখান্ত দাস, দ্বীপজ্যোতি বৈশ্য, দীপু কলিতা,গৌতম কাকতি বনজিৎ বৰ্মন সহ বহু সংখ্যক যুৱ মৰ্চাৰ কৰ্মী উপস্থিত থাকে। সভাত ৰাজ্যিক যুৱ মৰ্চাৰ নেত্ৰী হিমাশ্ৰী দেৱীয়ে ভাষনত সদস্যতা অভিযানৰ বিষয়ে বৃস্তিত ভাবে বাখ্যা কৰি কয় যে প্ৰতিগৰাকী যুৱ মৰ্চাৰ নেতা ,কৰ্মীয়ে নিজৰ এলেকাৰ যুৱক -যুৱতী সকলক লগ ধৰি সদস্য ভৰ্তি কৰাবলৈ আহ্বান জনায় । জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই ভাষনত কয় যে যুৱ শক্তিক আগবঢ়াই নিব লাগিব। সেই কাম বিজেপিৰ যুৱ মৰ্চাৰ প্ৰতিজন যুৱক যুৱতী একাগ্ৰতাৰে কৰিব লাগিব বুলি দোহাৰে। সভাত জিলা যুৱ মৰ্চাৰ সভাপতি ভাষনত কয় যে নলবাৰী জিলাত প্ৰথম পৰ্যায়ত দুই লাখ সদস্যতা ভৰ্তি কৰাৰ নিৰ্ধাৰণ কৰা হৈছে বুলি দোহাৰে । ইফালে অহা ২৭,২৮ আৰু ২৯ জুলাইত এম এন চি মহাবিদ্যালয়ত সদস্যতা অভিযানৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ লগতে ৩১ জুলাই নলবাৰী কলেজ খেল পথাৰত ফুটবল খেল খন অনুষ্ঠিত কৰাৰো আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হয় ।

Related Articles

Leave a Reply

Close